ডিজিটেল ডেক্স: আজি, শনিবাৰে পবিত্ৰ মহালয়া। প্ৰবাদ মতে, আজিৰ দিনটোতে দেৱী দুৰ্গাৰ ধৰালৈ আগমণ ঘটে আৰু এই দিনটোৰ পুৱাৰ ভাগৰ পবিত্ৰ বা ল’লে সমগ্ৰ বছৰটো কুশলে পাৰ হয় । সেই লোক বিশ্বাস অনুসৰি, প্ৰতিবছৰে মহালয়াৰ দিনটোত পুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে নিজ নিজ ঠাইত ওলাই আহি মহালয়াৰ দিনটোৰ পবিত্ৰ বা লৈ প্ৰাতঃভ্ৰমণ কৰে।
পুৱাৰে পৰা চণ্ডী পাঠেৰে মুখৰিত ৰাজ্যৰ চৌপাশ। এইবাৰ ঘোৰাত উঠি ধৰালৈ আগমণ ঘটিল মা দূৰ্গাৰ।
এই মহালয়াৰ দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে মহিষাসুৰক দমন কৰিবলৈ দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল। এই দিনটোতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে দেৱী দূৰ্গাক নেত্ৰ প্ৰদান কৰি সম্পূৰ্ণ কৰি তুলিছিল। সেয়ে এই মহালয়াৰ দিনটোত দেৱী দূৰ্গীৰ প্ৰতিমাত অন্তিম পৰশ হিচাপে নেত্র আঁকিব মৃৎ শিল্পীসকলে।
জনবিশ্বাস অনুসৰি মহালয়াৰ দিনা ৰাতিপুৱা ধৰাৰ বুকুলৈ নামি আহে মা দূৰ্গা। মহালয়াৰ দিনা ৰাতিপুৱা প্ৰাতঃভ্ৰমণ কৰিলে লাভ কৰা যায় মা দূৰ্গাৰ বিশেষ আৰ্শীবাদ। মাৰ আৰ্শীবাদ পাবৰ বাবেই ৰাতিতে উঠি প্ৰাতঃভ্ৰমণ কৰে। উল্লেখ্য যে, বিদেহী পূৰ্বপুৰুষসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ অন্তিমটো দিন হৈছে মহালয়া। অৰ্থাৎ পিতৃপক্ষ আৰু দেৱীপক্ষৰ আৰম্ভণিৰ সময়ছোৱাক কোৱা হয় মহালয়া বুলি। পিতৃপক্ষ মহালয়াৰ অন্তিম দিন। মহালয়াৰ ঠিক পিচদিনাৰ পৰাই আৰম্ভ হয় দেৱীপক্ষৰ আৰু সকলো অশুভ শক্তি ধ্বংস হয়। দেৱীপক্ষৰ আৰম্ভণি দিনটোৰ পৰা দেৱী বিসৰ্জন দিয়া লৈকে মুঠ নদিনক কোৱা হয় নৱৰাত্ৰি বুলি।
মহালয়ৰ আছে এক বিশেষ তাৎপৰ্য। মহা মানে পৰম আৰু লয় মানে বিলীন হোৱা। একাংশৰ মতে, লয় মানে তৰংগ অৰ্থাৎ য’ৰ পৰা আকৰ্ষণ বিকৰ্ষণ সৃষ্টি হয়। ইয়াৰ মুল তাৎপৰ্য এয়ে যে, যি পৰম তত্তৰ পৰা সকলো তত্তৰ জন্ম হয় আৰু য’ত সকলো বিলীন হৈ যায় সেয়ে মহালয়া। দুৰ্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় এই মহালয়া। লোকবিশ্বাস অনুসৰি, মহালয়াৰ দিনটোতে মা দূর্গাই কৈলাসৰ পৰা মাতৃৰ গৃহলৈ বুলি আহে।
শক্তিৰ আৰাধ্যা দেৱী দুৰ্গাই আজি পৃথিৱীলৈ যাত্ৰা কৰিব কৈলাস পৰ্বতৰ পৰা। মহালয়াৰ পিছ দিনাৰ পৰাই আৰম্ভ হব নৱৰাত্ৰি। মহালয়াৰ এসপ্তাহৰ পিছত দেৱীক বেদীত স্হাপন কৰা হব। আৰম্ভ হব দুৰ্গা পুজাৰ ষষ্ঠী। এইবাৰ দেৱীয়ে ঘোৰাত আগমন কৰিছে পৃথিৱীলৈ। একেদৰে দশমীৰ দিনটোত দেৱীয়ে মৰ্ত্ত্য এৰি উভতিব কৈলাসলৈ । এই উভতনি যাত্ৰাটো দেৱীয়ে ঘোৰাৰেই প্ৰত্যাবৰ্তন কৰিব। শাস্ত্ৰ মতে এইয়া অতি অশুভ যোগ। দেৱীৰ ঘোৰাত আগমন আৰু প্ৰত্যাবৰ্তনে বানপানী, মহামাৰীৰ লগতে হিংসাত্মক কাৰ্যকলাপ, যুদ্ধ-বিগ্ৰহৰ সংকেত দিয়ে বুলি জ্যোতিষী সকলে উল্লেখ কৰে।