গুৱাহাটীঃ আজি কাতি বিহু৷ কৃষিপ্ৰধান ৰাজ্য হিচাপে আমাৰ অসমৰ এক অভিন্ন অংগ স্বৰূপ কাতি বিহু৷ ভোগালী-ৰঙালী ভৱিষ্যৎমুখী অযুত সম্ভাৱনা কঢ়িয়াই অনা বিহুটিৰ বিশেষ ক্ষণত তুলসীৰ তলত, পথাৰত আশাৰে জ্বলোৱা বন্তিগছিয়ে পোহৰময় কৰক সকলোৰে জীৱন৷
অভাৱ অনাটনৰ মাজত জুৰুলাহৈ পৰা কৃষি জীৱি অসমীয়া সমাজৰ বাবে কাতি বিহু মানেই আনন্দৰ দিন। স্নিগ্ধ, সমাহিত শাৰদীয় বতৰত আজি কৃষি জীৱি অসমীয়াই তুলসীৰ তলত বন্তি জ্বলাই, আকাশ বন্তিৰে খেতিপথাৰ আলোকিত কৰি পালন কৰিব কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিত পালন হোৱা কাতি বিহুত কৃষক ৰাইজে বন্তি প্ৰজ্বলনেৰে নিজৰ ঘৰলৈ বাট দেখুৱাব লখিমীক। খোল-তাল-মৃদংগৰে সুমধুৰ ধ্বনি তুলি গঞা ৰাইজে সমন্বয়ে গাব ‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে…’। কৃষিজীৱী ৰাইজে ভক্তিৰসেৰে সংপৃক্ত হৈ গোৱা এনে নামে মুখৰ কৰিব অসমীয়াৰ পদূলি- চোতাল-ঘৰৰ পৰিবেশ।
কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা শস্যশ্যামলা হৈ সোণগুটিৰে উপচি পৰাৰ কামনা কৰে চহা কৃষকে। কাতি বিহু উপলক্ষে প্ৰতিঘৰ অসমীয়াই ঘৰ–দুৱাৰ, আলি–পদূলি আদি পৰিষ্কাৰ–পৰিচ্ছন্ন কৰে। লোকবিশ্বাস মতে কাতি বিহুৰ দিনা ঘৰ–দুৱাৰ, চোতাল –পদূলি পৰিস্কাৰ হৈ থাকিলেহে লক্ষ্মীদেৱীৰ গৃহস্থৰ ঘৰলৈ আগমন ঘটে।
চোতালৰ আগৰ ভঁৰালৰ কাষত নতুন মাটিৰে ঢিপ তুলি তুলসী-ভেটি স্থাপন কৰে। এটি সুন্দৰ তুলসী পুলি ৰুই তাৰ গুৰিত চাকি জ্বলোৱাৰ উপৰি মাহ–প্ৰসাদ আগবঢ়ায়। তুলসী তলৰ উপৰি গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, পঢ়া কোঠা, হাঁহ–ছাগলীৰ গঁৰালৰ সন্মুখতো মাটিৰ চাকি জ্বলোৱা হয়। গাঁও অঞ্চলত মাটিৰ চাকিৰ সলনি ঔটেঙাৰ বাকলিও ব্যৱহাৰ কৰে।
কথিত আছে যে পথাৰৰ শস্য পকিবলৈ ধৰাৰ আগে আগে শইচৰ পৰা কীট-পতংগ দূৰ কৰিবলৈ অসমীয়া কৃষকসকলে পালন কৰে এই অনন্য পৰম্পৰা ৷ তুলসী পুলি ৰোপন কৰি সম্পূৰ্ণ কাতি মাহটো তুলসীৰ তলত জ্বলোৱা চাকিগছিয়ে কীট-পতংগৰ পৰা পৰিত্ৰাণ দিয়াৰ লগতে বিজ্ঞানসন্মত ভাৱে চাবলৈ গ’লে বিশুদ্ধ কৰে চৌপাশৰ বায়ু ৷
এই বিহুত ঘৰৰ বিভিন্ন ঠাইত চাকি জ্বলোৱা হয়। মূল চাকিগছ পৱিত্ৰ তুলসীৰ ওচৰৰ চোতালত জ্বলোৱা হয়। তাৰ ওপৰিও ভড়াল, পথাৰ, পাকঘৰ, শুৱনি কোঠা, পদূলি, ঘৰৰ মুখ্য দুৱাৰ আদিত চাকি জ্বলোৱা হয় ৷ মুখ্যতঃ যেন আঘোণত সোণবৰণীয়া লখিমীক আদৰাৰ ই এক পূৰ্ব প্ৰস্তুতিহে ৷
উল্লেখ্য যে বছৰৰ আৰম্ভণিতে দুটাকৈ প্রলয়ংকৰী বানৰ ঢ়ৌৱে ৰাজ্যত ব্যাপক ক্ষতি কৰিছিল৷ বহু খেতিপথাৰ বাঢ়নী পানীত বৈ অহা বালিয়ে পুতি পেলোৱাৰ লগতে কঠীয়া নষ্ট কৰাৰ বাবেও সমস্যাৰ সন্মুখীন হৈছিল কৃষক৷ পৰৱর্তী সময়ত অতি কষ্টৰে কৃষকসকলে খেতি কৰিবলৈ সক্ষম হৈছিল যদিও খৰাংসদৃশ পৰিস্থিতিয়ে শস্যপথাৰত ব্যাপক প্রভাৱ পেলোৱা পৰিলক্ষিত হয়৷ ইয়াৰ মাজতে খেতিডৰা শস্য শ্যামলা হৈ পৰাৰ প্রার্থনাৰে আজি ৰাজ্যজুৰি কাতি বিহু উদযাপন কৰা হ’ব৷
অসমৰ মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মাই কাতি বিহুৰ উপলক্ষে অসমবাসীক উলগ জনাই ‘X‘ত লিখিছে, “বিহু তিনিটাৰ ভিতৰত কাতি বা কঙালী বিহুৰ আছে বিশেষ তাৎপৰ্য৷ কৃষি সম্পৰ্কীয়, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস এই বিহুটিৰ সৈতে সংপৃক্ত হৈ আছে৷ শস্যৰ সুৰক্ষা আৰু কৃষক ৰাইজৰ মংগল আৱাহন কৰি তুলসী তলত বন্তি জ্বলোৱাৰ নিয়ম তথা পৰম্পৰা অসমৰ জনজীৱনৰ অভিন্ন লোকাচাৰ৷ আজিৰ এই পৱিত্ৰ বিহুটিত অসমবাসীৰ মংগল কামনা কৰাৰ লগতে কৃষক-ৰাইজৰ সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে প্ৰাৰ্থনা জনালোঁ৷”