যোৰহাটঃ অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে আজি যোৰহাটত আয়োজন কৰা হয় এই ক্ৰীড়া দিৱসটি। উল্লেখ্য যে ১৯৮৪ চনৰ পৰাই প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰত এই ক্ৰীড়া দিৱস অনুষ্ঠিত হৈ আহিছে৷

দেওবাৰে যোৰহাটতো কেইবাটাও কাৰ্যসূচীৰে আজিৰ দিনটো খেলুৱৈ দিন হিচাপে উদযাপন কৰা হ’য়।
আজিৰ দিনটোতে যোৰহাটৰ প্ৰাতঃভ্ৰমণ ক্ষেত্ৰই পঞ্চম বৰ্ষ পূৰ্ণ কৰিছে। এই সকলোখিনি সাৰোগত কৰি যোৰহাটত উদযাপন কৰা হৈছে খেলুৱৈ দিৱস।

প্ৰাতঃভ্ৰমণ ক্ষেত্ৰৰ পৰা পুৱা সামূহিক দৌৰৰ ফ্লেগ অফ কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাই। এই দৌৰত শতাধিক খেলুৱৈ আৰু ক্ৰীড়া সংগঠকে অংশ গ্ৰহণ কৰে।