আজি অভিযুক্ত বন্দনা কলিতাসহ দুই সহযোগীৰ বিৰুদ্ধে ১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল নুনমাটি আৰক্ষীৰ (গুৱাহাটীৰ ডাবল মাৰ্ডাৰ কাণ্ড)

দেশ কঁপাই যোৱা গুৱাহাটীৰ ডাবল মাৰ্ডাৰ কাণ্ড

আজি অভিযুক্ত বন্দনা কলিতাসহ দুই সহযোগীৰ বিৰুদ্ধে ১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বীট দাখিল নুনমাটি আৰক্ষীৰ

আৰক্ষীয়ে এই ঘটনা পোহৰলৈ অহাৰ ৩ মাহৰ অন্তত এই চাৰ্জশ্বীট দাখিল কৰিছে।

আজি পি আই আদালতত দাখিল কৰা হ’ল দেশ কঁপাই যোৱা গুৱাহাটীৰ ডাবল মাৰ্ডাৰ কাণ্ডৰ চাৰ্জশ্বীট । বন্দনা কলিতা আৰু দুই সহযোগীৰ বিৰুদ্ধে নুনমাটি আৰক্ষীয়ে দাখিল কৰিলে ১৬০০ পৃষ্ঠাৰ চাৰ্জশ্বীট। সোমবাৰে চিজিএম আদালততো আৰক্ষীয়ে এই চাৰ্জশ্বীট দাখিল কৰিব।

চলিত বৰ্ষৰ আৰম্ভণিতে পোহৰলৈ অহা এই ঘটনাৰ ৩ মাহৰ অন্তত এই চাৰ্জশ্বীট দাখিল কৰিছে। এই হত্যাকাণ্ডত অভিযুক্ত বন্দনা কলিতা আৰু দুই সহযোগী ধনটি ডেকা আৰু অৰূপ ডেকা সম্প্ৰতি লখৰা লখৰাস্থিত কেন্দ্ৰীয় কাৰাগাৰাত বন্দী হৈ আছে।

বন্দনা কলিতাই স্বামী অমৰজ্যোতি দে’ আৰু শাহুৱেক শংকৰী দে’ক নৃসংশভাৱে হত্যা কৰা ঘটনাই অসমৰ লগতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল। বন্দনাই স্বামী–শাহুক হত্যা কৰি টুকুৰা-টুকুৰকৈ কাটি দুই সহযোগীৰ মেঘালয় পাহৰৰ তলত পেলাই দিছিল। বিগত বৰ্ষতে দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰা বন্দনাক আৰক্ষীয়ে এই বছৰৰ আৰম্ভণিতে গ্ৰেপ্তাৰ কৰি মেঘালয়ৰ পাহাৰৰ পৰা স্বামী আৰু শাহুৱেকৰ শৰীৰৰ অংশ উদ্ধাৰ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *