চন১৯৯৬,১৭ মে অৰ্থাৎ আজিৰ দিনটোতে গুৱাহাটীৰ ৰাজগড় ৰ’ডত সেই আপোচবিহীন সংগ্ৰামী সত্তা পৰাগ দাস তেজেৰে ৰাঙলী হৈ ৰাজপথতে ঢলি পৰিছিল। হত্যা কৰা হৈছিল অসমৰ নিৰ্ভীক,সৎ,সাহসী আৰু অসম তথা অসমীয়াৰ হকে চিন্তা কৰা লেখক সাংবাদিক পৰাগ কুমাৰ দাসক।
চাৰিজন ছালফা সদস্যক অভিযুক্ত কৰা হৈছিল- মৃদুল ফুকন ওৰফে সমৰ তাঁতী, দিগন্ত বৰুৱা, তপন দত্ত ওৰফে বিশ্বজিত শইকীয়া আৰু নয়ন দাস ওৰফে গুলী। তেওঁৰ মুকলি হত্যাই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰতিবাদৰ ঢৌ তুলিছিল।
২০০১ চনত চি বি আই আলফাৰ আত্মসমৰ্পণ কৰা সদস্য চাৰিওজন অভিযুক্তৰ বিৰুদ্ধে কামৰূপ জিলা আৰু চেচন আদালতত চাৰ্জশ্বিট দাখিল কৰে। চি.বি.আই.য়ে চাৰ্জশ্বিট দাখিল কৰাৰ আগতেই দিগন্ত বৰুৱা আৰু তপন দত্তক হত্যা কৰা হৈছিল আৰু ২০০৩ চনত ডিব্ৰুগড়ত উন্মত্ত জনতাই নয়ন দাসক হত্যা কৰে। সন্দেহৰ আৱৰ্তত থকা আন দুজন ব্যক্তিৰ বিৰুদ্ধে উপযুক্ত প্ৰমাণৰ অভাৱত চাৰ্জশ্বিট দাখিল কৰা হোৱা নাছিল।একমাত্ৰ জীৱিত অভিযুক্ত আছিল মৃদুল ফুকন। কিন্তু তেৰ বছৰৰ পিছত ২০০৯ চনৰ ২৮ তাৰিখে জিলা আৰু চেচন ন্যায়ালয়ৰ ন্যায়াধীশে উপযুক্ত প্ৰমাণৰ অভাৱত অভিযুক্তক দোষমুক্ত বুলি ৰায় দিয়ে।