আকৌ বিতৰ্কত লখিমপুৰ মেডিকেল কলেজ

লখিমপুৰঃ আকৌ বিতৰ্কৰ শীৰ্ষত বাতৰিৰ শিৰুণামত আহিছে লখিমপুৰ মেডিকেল কলেজ। কেতিয়াবা যদি প্ৰসূতিৰ মৃত্যু, কেতিয়াবা আকৌ ৰাতিতো অন্ধকাৰতে কতাব লাগে ৰুগীয়ে।

লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ অঘটন, ভুল চিকিৎসাৰ ফলত এজন যুৱকৰ মৃত্যু হোৱা বুলি অভিযোগ তুলি তীব্ৰ উত্তেজনা।

বিতৰ্কই লগ এৰা নাই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক।

আজি পুনৰ এক অঘটন সংঘটিত হয় চেতীয়া গাঁৱৰ জ্যোতিক বুঢ়াগোহাঁই ২৪ বছৰীয়া যুৱক জনৰ লগত। ভুল চিকিৎসাৰ বাবে মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।

উক্ত ঘটনাকলৈ চিকিৎসা মহাবিদ্যালয় চৌহদত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ।