আই নৈৰ বানপানীত বানাক্ৰান্তৰ অৱস্থা কুলাই পাচিয়ে নধৰা হৈছে।

বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত বিস্তৰ্ন অঞ্চল আই নৈৰ পানীয়ে বুৰাই পেলাইছে। বানপানী কিছু পৰিমানে উন্নত হৈছে যদিওঁ বানাক্ৰান্তৰ অৱস্থা কুলাই পাচিয়ে নধৰা হৈছে।

আই নৈৰ পানীৰ সোঁতে বিস্তৰ ক্ষতি সাধন কৰে বাশবাৰীৰ বহু পৰিয়ালৰ। পানীৰ কোবাল সোঁতে উটুৱাই নিলে ঘৰৰ আচবাব। ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বানাক্ৰান্ত লোকসকল। বহু পৰিয়ালৰ বাসগৃহৰ যথেষ্ট ক্ষতিসাধন কৰে পানীৰ সোঁতে।

এতিয়ালৈকে জিলা প্ৰসাশনে কোনো ব্যৱস্থা গ্ৰহন কৰা নাই বুলি উল্লেখ কৰিছে বানাক্ৰান্তই। ক্ষতিগ্ৰস্ত লোকসকলে কান্দি কান্দি চৰকাৰ – প্ৰশাসনক সহায় কৰিবলৈ অনুৰোধ জনাইছে।