শিৱসাগৰ: অ এন জি চিৰ বিৰুদ্ধে প্ৰতিবাদত নামিল আমগুৰিৰ দ’ল সংগঠন । আমগুৰিৰ বৰাহীবাৰি চাংমাইস্থিত G G S ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে বৰাহীবাৰি বাসী ৰাইজৰ সহযোগত কৃষকমুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন দ’ল সংগঠন।
বৰাহীবাৰি চাংমাইৰ ঢেপৰ সংযোগী ৩.৫ কিল’মিটাৰ দৈঘ্যৰ নবিন আলি পথটিৰ লগতে পথৰ ওপৰত থকা তিনিখনকৈ দলঙৰ বিধ্বস্ত ৰূপে জ্বলা-কলা খোৱাইছে পথাচাৰীক।
অহা সাত দিনৰ ভিতৰত অ এন জি চি কৰ্তৃপক্ষই পথটিৰ মেৰামতিৰ ব্যৱস্থা নকৰিলে কৰ্তৃপক্ষৰ বিৰুদ্ধে পথ অৱৰোধ কৰাৰ হুংকাৰ দিয়ে ঐক্যবদ্ধ প্ৰতিবাদকাৰীয়ে।
অৱশেষত প্ৰতিবাদস্থলীত উপস্থিত হয় গড়কাপ্তানি বিভাগ আৰু ONGC ৰ উৰ্ধতম কতৃপক্ষ। তৃপাক্ষিক আলোচনাৰ অন্তত অনতিবিলম্বে চলিব পৰাকৈ পথচোৱাৰ মেৰামতি আৰু পৰৱৰ্তী সময়ত দলং আৰু পথচোৱা স্থায়ীভাৱে মেৰামতিৰ দ্বায়িত্ব ONGCয়ে বহন কৰাৰ প্ৰতিশ্ৰুতি লাভ কৰাত প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰখা হয়।