অৱশেষত মুকলি কৰা হ’ল মালিগাঁও উৰণ সেতু ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফিটা কাটি ৰাইজৰ বাবে উৎসৰ্গা কৰিলে সেতুখন ৷

গুৱাহাটীঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে মালিগাঁৱৰ নীলাচল উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰে। সেতুখনৰ কামাখ্যা গেটৰ দিশত ফিটা কাটি মুখ্যমন্ত্ৰীয়ে সেতুখন মুকলি কৰে। মালিগাঁও চাৰিআলিত আয়োজন কৰা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত উপস্থিত হৈ ৰাইজক সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আজি অতি আনন্দৰ দিন। উৰণ সেতুৰ প্ৰয়োজন দীৰ্ঘদিনীয়া আছিল। তেওঁ কয় যে যদিও সেতুখনৰ আৰম্ভণিৰ পৰা নিৰ্মাণত মুঠ সময় ৩৫ মাহ লাগিছে, আচলতে দলংখন ২৭ মাহত আৰম্ভ কৰি সম্পূৰ্ণ কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে সেতুখন নিৰ্মাণত যথেষ্ট প্ৰত্যাহ্বান আছিল। মালিগাঁৱৰ দৰে ব্যস্ত পথত সেতুখন নিৰ্মাণত যথেষ্ট কষ্ট হৈছিল। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে অভিযন্তা, আৰক্ষীৰ লগতে সেতুখনৰ নিৰ্মাণত গুৰুতৰভাৱে আহত হোৱা চাৰিগৰাকী শ্ৰমিকৰ কৃতজ্ঞতা প্ৰকাশ‌ কৰে।

তেওঁ কয়, ‘‘উৰণ সেতুখন নিৰ্মাণৰ বাবদ ৪২০ কোটি টকা ব্যয়‌ কৰা‌ হৈছে। মালিগাঁৱ উৰণ সেতুখনৰ দৈৰ্ঘ্য ২.৬ কিলোমিটাৰ। উৰণ সেতুখন গুৱাহাটীৰ ভিতৰতে অন্যতম দীঘলীয়া উৰণ সেতু।

উল্লেখ্য যে ২০২১ চনত মালিগাঁও উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। এই সেতুখনৰ এটা অংশ কামাখ্যা গেটৰ পৰা মালিগাঁৱৰ বৰিপাৰাৰ ৰে’লৱেৰ উৰণ সেতুৰ লগ লাগিছে। মালিগাঁৱৰ পৰা‌ উৰণ সেতুখনৰ এট অংশ পাণ্ডুলৈ গৈছে। উৰণ সেতুখন আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে।