অসুস্থ ৮৭ বৰ্ষীয় ধর্মেন্দ্র! পিতৃক লৈ আমেৰিকালৈ ৰাওনা ছানী দেউল

‘গদৰ ২’ৰ সফলতাৰ পিছত যথেষ্ট উৎসাহী হৈ পৰিছিল ছানী দেউল। ছবিখনে ইতিমধ্যে বক্স অফিচত বহু কোটি টকা উপাৰ্জন কৰিছে। আনন্দিত দেউল পৰিয়ালো। কিন্তু এই আনন্দৰ মাজতে পৰিয়ালটোলৈ আহি পৰিছে বিষাদৰ ছাঁ।

ধৰ্মেন্দ্ৰ অসুস্থ। জানিব পৰা মতে, ৮৭ বছৰীয়া অভিনেতাগৰাকীৰ বাৰ্ধক্যজনিত সমস্যাত ভোগি আছে । ছানীয়ে প্ৰবীণ অভিনেতাগৰাকীক উন্নত চিকিৎসাৰ বাবে আমেৰিকালৈ লৈ যায়।

দেউল পৰিয়ালৰ এজন ঘনিষ্ঠ বন্ধুৱে কয় যে ছানী ধৰ্মেন্দ্ৰৰ সৈতে ১৫-২০ দিন আমেৰিকাত থাকিব। কিন্তু চিন্তাৰ বিশেষ একো কাৰণ নাই বুলি জানিবলৈ দিয়ে।

‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানি’ ছবিখনৰ জৰিয়তে বহুদিনৰ বিৰতিৰ অন্তত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল ধৰ্মেন্দ্ৰই। বহু দিনৰ মূৰত এই ছবিখন লৈ পুনৰ পৰ্দালৈ উভতি আহিছিল অভিনেতাগৰাকী।

ধৰ্মেন্দ্ৰৰ অসুস্থতাৰ খবৰক লৈ চিন্তিত অনুৰাগীসকল। সদ্যহতে কিছুদিন পুত্ৰৰ সৈতে বিদেশতে থাকিব অভিনেতাগৰাকী।