অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত গছপুলি ৰোপণ

অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয় চৌহদত গছপুলি ৰোপণ৷

জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত বিগত ১৯৪২ চনৰ ন-আগষ্টত ভাৰত ত্যাগ আন্দোলনৰ সুচনা হৈছিল৷ সমগ্ৰ ভাৰতবৰ্ষত স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ন হোৱা হেতুকে স্বাধীনতাৰ অমৃত মহোৎসৱৰ অমৃতকাল চলি থকা সময় চোৱাত ভাৰতৰ স্বাধীনতা আন্দোলনৰ সেই ঐতিহাসিক দিনটোৰ “স্মৃতি ৰোমন্থন“ কৰাৰ উদ্দেশ্যই আজি অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত কামৰূপ জিলা মুক্তিযুঁজাৰু সন্মিলন আৰু পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগত অন্যান্য দিনজোৰা কাৰ্য্যসূচীৰ লগতে ৰঙিয়া মহকুমাৰ অন্তৰ্গত পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয় চৌহদত এলানি গছপুলি ৰোপণ কাৰ্য্যসূচী অনুষ্ঠিত কৰে৷

পূৱা দহবজাত অনুষ্ঠিত হোৱা গছপুলি ৰোপণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰমাকান্ত ভট্টাচাৰ্য্যই৷. .

কামৰূপ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সাংগাঠনিক সম্পাদক অমৰজিত শইকীয়াই আতধৰা গছপুলি ৰোপন উদ্বোধনী অনুষ্ঠানত কামৰূপ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সম্পাদক কমল চন্দ্ৰ লহকৰে আদৰণি ভাষন দিয়ে৷

আনহাতে উক্ত অনুষ্ঠানতে মুক্তি যোদ্ধাৰ বিধৱা পত্নী ক্ৰমে চানমাই লহকৰ, কৰ্নবালা লহকৰ, সুদিষ্টা কলিতা আৰু কিৰণবালা তালুকদাৰৰ লগতে অন্যন্যা আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকলক গামোছাৰে আদৰণি জনাই৷

অৰ্ধশতাধিক বিভিন্ন ঔষধি তথা ফলমূলৰ গছপুলি ৰোপণ কাৰ্য্যসূচীত মহাবিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড°ৰাতুল চন্দ্ৰ শৰ্মাৰ লগতে কেইবাজনো অধ্যাপক, অধ্যাপিকা আৰু বিশিষ্ট লোকে সহযোগ কৰে৷