অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন আৰম্ভঃ অখিল গগৈৰ হাতত বিচনী আৰু লেম্প লৈ অভিনৱ প্ৰতিবাদ

আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। ৫ দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হৈছে বিধানসভাৰ অধিৱেশন। ১১ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ চলিব বিধানসভাৰ অধিবেশন । এইবাৰ শৰৎকালীন অধিৱেশনত ২৩খন বিধেয়ক উত্থাপন হ’ব। প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ নতুন বিধানসভা ভৱনত অনুষ্ঠিত হ’ব অধিৱেশন।

অধিৱেশন আৰম্ভ হোৱাৰ প্ৰাকক্ষণত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰা হয়। জাতিৰ পিতাৰ প্ৰতি শ্ৰদ্ধা জনাই আৰম্ভ কৰা হয় বিধানসভাৰ নতুন ভৱনত বিধানসভাৰ অধিৱেশন।

কাৰ্যসূচী অনুসৰি ১১ ছেপ্টেম্বৰৰ প্ৰথম দিনাৰ কাৰ্যসূচীত ২০২৩-২০২৪ বৰ্ষৰ পৰিপূৰক মঞ্জুৰী গ্ৰাণ্ট উত্থাপন কৰা হ’ব । ১৩ ছেপ্টেম্বৰত পৰিপূৰক গ্ৰাণ্টৰ সন্দৰ্ভত মঞ্জুৰী ভোটিং অনুষ্ঠিত হ’ব । ১৪ ছেপ্টেম্বৰত বহুকেইখন চৰকাৰী বিধেয়ক উত্থাপন হ’ব ।

এই বিধেয়কসমূহৰ ভিতৰত পঞ্চায়তী আইন-১৯৯৪ সংশোধনী বিধেয়কো থকাৰ সম্ভাৱনা আছে । ৰাজ্যিক কেবিনেটে ইতিমধ্যে পঞ্চায়তী আইনৰ সংশোধন কৰি গাঁও পঞ্চায়তৰ নিৰ্বাচন প্ৰতীকবিহীন কৰাকে ধৰি ভালেখিনি সংস্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথমটো দিনতে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সাব্যস্ত কৰে অভিনৱ প্ৰতিবাদ। হাতত লেম্প আৰু বিচনী লৈ অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে অখিল গগৈয়ে।

অখিল গগৈৰ প্ৰতিবাদক লৈ বিধায়ক প্ৰশান্ত ফুকনে কয়, ‘‘বিদ্যুৎ ফেন্সী বজাৰত কিনিব পৰা বস্তু নহয়। অখিল গগৈয়ে বিদ্যুৎ কৰ্তন কৰিলেও প্ৰতিবাদ কৰে, NHPC নিৰ্মাণতো বাধা প্ৰদান কৰে। সকলো এটা ছিষ্টেমত চলিব লাগিব। পানীত নামিছো যেতিয়া হাত–ভৰি আমি মাৰিম।’’