এতিয়াৰে পৰা অতীত হ’ল ‘জিলা উপায়ুক্ত’ ৷ এতিয়া জিলা উপায়ুক্তক জনা যাব ‘জিলা আয়ুক্ত’ হিচাবে ৷
অসম চৰকাৰৰ সাধাৰণ প্ৰশাসনিক বিভাগে সোমবাৰে আনুষ্ঠানিকভাৱে জাৰি কৰিলে এই জাননী৷ উল্লেখ্য যে তিনিচুকীয়াত অনুষ্ঠিত উপায়ুক্ত সন্মিলনতে গ্ৰহণ কৰা হৈছিল এই সিদ্ধান্ত৷
অসম চৰকাৰৰ প্ৰশাসনিক বিভাগে জাৰি কৰা জাননী অনুসৰি এতিয়াৰে পৰা ডিভিজনেল কমিচনাৰৰ অফিচসমূহ নাথাকিব৷ ডিভিজনেল কমিচনাৰৰ ক্ষমতা সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিবৰ নিয়ন্ত্ৰণত থাকিব৷ ৰিজনেল কমিচনাৰ পদটো নোহোৱা হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়াৰে পৰা জিলা উপায়ুক্তসকলক জিলা আয়ুক্ত হিচাবে জনা যাব৷
তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা৷ উল্লেখ্য যে বিগত মে’ মাহত তিনিচুকীয়াত অনুষ্ঠিত হোৱা পঞ্চম জিলা উপায়ুক্ত সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ৷ পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীত কেবিনেটে এই সিদ্ধান্তত অনুমোদন জনায়৷
উল্লেখ্য যে এতিয়াৰে পৰা আয়ুক্তসকলে তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ, গেজেটেড আৰু ন’ন গেজেটেড চাকৰিয়ালসকলক জিলাখনৰ ভিতৰত বদলি কৰিব পাৰিব৷ অৱশ্যে গেজেটেড অফিচাৰক বদলি কৰাৰ ক্ষেত্ৰত আয়ুক্তগৰাকীয়ে জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ পৰা অনুমোদন ল’ব লাগিব৷