প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ অৱনতি।
ৰঙিয়াৰ স্বস্তি হাস্পিটালত ভৰ্তি কৰোৱা হৈছে প্ৰাক্তন মন্ত্ৰী গৰাকীক।
সম্প্ৰতি ICU ত ৰখা হৈছে প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক
বৃক্ক, মধুমেহ, উচ্চ-ৰক্তচাপ, আৰু হৃদৰোগত ভুগি আছিল প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়ো।
আজি দিনৰ ভাগত হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটে থানেশ্বৰ বড়োৰ।
আত্মীয়ৰ লগতে বড়ো সাহিত্য সভাই তেখেতৰ আশু-আৰোগ্য কামনা কৰিছে।
*অসম চৰকাৰৰ শিক্ষা, আৰু ৰাজহ মন্ত্ৰীৰ লগতে ৰঙিয়া সমষ্টিৰ ৩ বাৰ কৈ বিধায়ক আছিল থানেশ্বৰ বড়ো ৷