অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ নিৰ্বাচন আয়োগৰ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ভাৰতৰ নিৰ্বাচন আয়োগে মঙলবাৰে সন্ধিয়া প্ৰকাশ কৰে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ ৷ এই অনুসৰি পৰামৰ্শ আৰু আপত্তি দৰ্শোৱাৰ সময় সীমা বান্ধি দিয়া হৈছে অহা ১১ জুলাইলৈকে ৷ খচৰা সন্দৰ্ভত অসমৰ দল-সংগঠনকে ধৰি আন অংশীদাৰ সকলৰ পৰা ৰাজহুৱা শুনানি গ্ৰহণ কৰিব নিৰ্বাচন আয়োগে ৷ শুনানিৰ বাবে জুলাই মাহত পুনৰ অসম ভ্ৰমণলৈ আহিব আয়োগ ৷

কি প্ৰস্তাৱ আছে এই খচৰাত ?

একেই থাকিব লোকসভা আৰু বিধানসভাৰ আসনৰ সংখ্যা। এই খচৰাত বিধানসভাৰ আসনৰ সংখ্যা পূৰ্বৰ দৰেই ১২৬ খন আৰু লোকসভাৰ আসনৰ সংখ্যাও ১৪ খনতেই ৰখা হৈছে ৷ ১৯ খন বিধানসভাৰ আসন আৰু ২ খন লোকসভাৰ আসন অনুসূচিত জনজাতি বাবে সংৰক্ষিত কৰাৰ প্ৰস্তাৱ ৰখা হৈছে একেদৰে ১২৬ খন বিধানসভা আসনৰ ভিতৰত ৯ খন বিধানসভাৰ আসন আৰু অনুসূচিত জাতিসমূহৰ বাবে ১ খন সংসদীয় আসন সংৰক্ষিত কৰাৰ প্ৰস্তাৱ ৷ কাজিৰঙা নামেৰে পৰিচিত হ’ব কলিয়াবৰ সমষ্টি ৷ তেজপুৰ লোকসভা সমষ্টিৰ নাম হ’ব শোণিতপুৰ ৷ মঙলদৈ লোকসভা সমষ্টিৰ নাম হ’ব দৰং ৷

ভাৰতীয় নিৰ্বাচন আয়োগে আজি জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ৮-কত উল্লেখ কৰা অনুসৰি, অসমৰ বাবে বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰস্তাৱৰ খচৰা প্ৰকাশ কৰে। প্ৰাসংগিক আইনসমূহ যেনে- ভাৰতীয় সংবিধানৰ সীমা নিৰ্ধাৰণ আইন, ২০০২ (২০০২ৰ ৩৩), অনুচ্ছেদ ৮২, ১৭০, ৩৩০ আৰু ৩৩২ৰ ধাৰা ৯ (১) (গ) আৰু (ঘ)ৰ সৈতে আৰ. পি. আইন, ১৯৫০ৰ ধাৰা ৮ ক অনুসৰি সীমা নিৰ্ধাৰণৰ প্ৰক্ৰিয়া আগবঢ়োৱা হৈছে। অসমত শেষ সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া ১৯৭৬ত সম্পন্ন হৈছিল।

সংবিধানৰ ১৭০ আৰু ৮২ নং অনুচ্ছেদৰ অনুসৰণেৰে ২০০১ৰ লোকপিয়লৰ ভিত্তিত ৰাজ্যখনৰ সকলো বিধানসভা আৰু সংসদীয় সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা হ’ব। কেৱল লোকপিয়ল আয়ুক্তই প্ৰকাশ কৰা ২০০১ৰ লোকপিয়লৰ পৰিসংখ্যা এই উদ্দেশ্যে বিবেচনা কৰা হৈছে। অসমৰ বিধানসভা আৰু লোকসভাৰ আসনৰ সংখ্যা ক্ৰমে ১২৬ আৰু ১৪খন হৈ থাকিব। ১৭০ আৰু ৮২ নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে ২০২৬ৰ পাছৰ প্ৰথম লোকপিয়লৰ প্ৰাসংগিক পৰিসংখ্যা উপলব্ধ নোহোৱালৈকে প্ৰতিখন ৰাজ্যৰ বিধানসভাৰ আসন আৰু লোকসভাৰ আসনৰ আবন্টনৰ সংখ্যা সলনি কৰা নহ’ব।

বিধানসভাৰ ১২৬খন আসনৰ ভিতৰত অনুসূচিত জনজাতিৰ বাবে ১৯খন আসন, আনহাতে অসমলৈ আবন্টিত লোকসভাৰ ১৪খন আসনৰ ভিতৰত অনুসূচিত জনজাতিৰ বাবে ২খন আসন আবন্টনৰ প্ৰস্তাৱ দিয়া হৈছে। একেদৰে, বিধানসভাৰ ০৯খন আসন অনুসূচিত জাতিৰ বাবে, আনহাতে লোকসভাত অনুসূচিত জাতিৰ বাবে ১খন আসন আবন্টনৰ প্ৰস্তাৱ জনোৱা হৈছে।

প্ৰস্তাৱৰ খচৰাখনৰ একাংশ উল্লেখযোগ্য বৈশিষ্ট্য

সৰ্বনিম্ন প্ৰশাসনিক ইউনিট গ্ৰামাঞ্চলত ‘গাঁও’ আৰু চহৰাঞ্চলত ‘ৱাৰ্ড’ হ’ব আৰু গাঁও আৰু ৱাৰ্ডসমূহক অক্ষত অৱস্থাত ৰখা হৈছে আৰু ৰাজ্যখনৰ কোনো ঠাইতে ই ভাঙি যোৱা নাই।

এছচি বিধানসভাৰ আসন ৮ ৰপৰা ৯লৈ বৃদ্ধি কৰা হৈছে;

এছটি বিধানসভাৰ আসন ১৬ ৰপৰা ১৯লৈ বৃদ্ধি পাইছে;

পশ্চিম কাৰ্বি আংলং জিলাৰ স্বায়ত্তশাসিত জিলাসমূহত ০১খন বিধানসভাৰ আসন বৃদ্ধি;

বড়োলেণ্ডৰ জিলাসমূহত বিধানসভা সমষ্টি (AC) ১৬ ৰপৰা ১৯লৈ বৃদ্ধি;

ডিফু আৰু কোকৰাঝাৰ সংসদীয় আসন এছটিৰ বাবে সংৰক্ষিত থাকিব;

লখিমপুৰ সংসদীয় আসন অসংৰক্ষিত হিচাপে থাকিব;

ধেমাজি জিলাত ০১ অসংৰক্ষিত বিধানসভা সমষ্টি;

এখন সংসদীয় আসন যথা ‘ডিফু’ এছটিৰ বাবে সংৰক্ষিত। ই ৩খন স্বায়ত্তশাসিত জিলাৰ ৬টা বিধানসভা সমষ্টিক সামৰি লৈছে;
বৰাক উপত্যকাৰ জিলাসমূহ অৰ্থাৎ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাক ২খন সংসদীয় আসন।

এখন সংসদীয় আসনৰ নাম কাজিৰঙা হ’ব।

গ্ৰামাঞ্চলত প্ৰশাসনিক ইউনিট অৰ্থাৎ উন্নয়ন খণ্ড, পঞ্চায়ত (বিটিএডিত ভিচিডিচি) আৰু চহৰাঞ্চলৰ পৌৰসভা, ৱাৰ্ডৰ ভিত্তিত খচৰাৰ প্ৰস্তাৱ যুগুত কৰা হৈছে।

মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰী ৰাজীৱ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্ত শ্ৰী অনুপ চন্দ্ৰ পাণ্ডে আৰু শ্ৰী অৰুণ গোৱেলৰে গঠিত আয়োগে ২০২৩ৰ জুলাইত পুনৰ অসম ভ্ৰমণেৰে প্ৰস্তাৱৰ খচৰা সন্দৰ্ভত ৰাজহুৱা শুনানি গ্ৰহণ কৰিব।