অসমৰ যুৱকে গেৰেজৰ পেলনীয়া সামগ্ৰী ৰে উদ্ভাৱন কৰিলে মটৰ চাইকেল

মাণিকপুৰৰ ভাণ্ডাৰাৰ যুৱকৰ চমক। পাৱাৰ টিলাৰৰ চকা আৰু গেৰেজৰ পেলনীয়া সামগ্ৰীৰে উদ্ভাৱন কৰিলে বিশেষ মটৰ চাইকেল।

অসমৰ যুৱকৰ যেন প্ৰতিভাৰ অভাৱ নাই। তাকেই প্ৰমান কৰি দেখুৱালে বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং ভাণ্ডাৰাৰ ইউছব আলী নামৰ যুৱকজনে ।

যুৱকজনে গেৰেজৰ পেলনীয়া সামগ্ৰী ৰে উদ্ভাৱন কৰিলে মটৰ চাইকেল। যুৱকজনে ১নং ভাণ্ডাৰাত ‘হুছেইন’ নামৰ গেৰেজ খুলি তাতে দমকল, পাম্প আদি নিৰ্মান কৰে।

সেই গেৰেজৰ অলাগতীয়াল সামগ্ৰীৰ জড়িয়তে মটৰচাইকেল খন উদ্ভাৱন কৰে। পাৱাৰ টিলাৰৰ চকা আৰু দমকল আৰু পাম্পৰ সামগ্ৰী সংযোগ কৰি মটৰচাইকেল খন উদ্ভাৱন কৰে।