অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ভেলোৰত অসম ভৱন উদ্বোধন কৰিব

অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি ২৬ ছেপ্টেম্বৰ, মঙলবাৰে তামিলনাডুৰ ভেল্লোৰত প্ৰায় ২৩ কোটি টকাৰে নিৰ্মিত অসম ভৱন উদ্বোধন কৰাৰ কথা৷

দুপৰীয়া ২:০০ বজাত অনুষ্ঠিত হ’বলগা উদ্বোধনী অনুষ্ঠানটোত শৰ্মাৰ সৈতে অসম চৰকাৰী বিষয়াৰ এটা প্ৰতিনিধি দলো উপস্থিত থাকিব।

নতুন ভৱনটোত ৪০টা ডাবল বেডৰ কোঠা, দুটা ভিআইপি/ভিভিআইপি ছুট, এটা সাতখন বিচনাযুক্ত মহিলাৰ ছাত্ৰীবাস, তিনিটা পাঁচখন বিচনাযুক্ত পুৰুষ ছাত্ৰাবাস, তিনিটা চাৰিখন বিচনাযুক্ত কোঠা আৰু যুটীয়া আৱাসী আয়ুক্তৰ বাবে এটা ২বিএইচকে এপাৰ্টমেণ্ট আৰু কাৰ্যালয় থাকিব।

ইয়াৰ পূৰ্বে সোমবাৰে কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ‘X’ত কয়, “২৬ ছেপ্টেম্বৰত তামিলনাডুৰ ভেল্লোৰত নতুনকৈ নিৰ্মাণ কৰা ‘অসম ভৱন’ৰ আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠানত চি এম ড° @himantabiswa য়ে শোভা বঢ়াব, য’ত মইও অংশগ্ৰহন কৰি গৌৰৱ অনুভৱ কৰিম।”

“এই সন্দৰ্ভত পাটাছাৰকুছিত স্বাহিদ মদন বৰ্মন আৰু স্বাহিদ ৰাউতৰাম কোঁচক তেওঁলোকৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি জনাই আজি চেন্নাইত উপস্থিত হৈছোহি।’’, ৰঞ্জিত কুমাৰ দাসে লগতে উল্লেখ কৰে।

অসম ভৱনটো হ’ব ভেল্লোৰ আৰু ইয়াৰ আশে-পাশে বসবাস কৰা অসমীয়া লোকসকলৰ বাবে এক সাংস্কৃতিক আৰু প্ৰশাসনিক কেন্দ্ৰ। ইয়াত এটা পুথিভঁৰাল, এটা সভাগৃহ, এখন ৰেষ্টুৰেণ্ট, আৰু অন্যান্য সুবিধা থাকিব। এই ভৱনে অসম আৰু তামিলনাডুৰ মাজত সাংস্কৃতিক আদান-প্ৰদান আৰু সহযোগিতাৰ প্ৰসাৰ ঘটাব বুলি আশা কৰা হৈছে।

অসম ভৱনৰ উদ্বোধন হ’ব অসম আৰু তামিলনাডুৰ মাজৰ সম্পৰ্কৰ এক উল্লেখযোগ্য মাইলৰ খুঁটি। ই দুয়োখন ৰাজ্যৰ মাজত ক্ৰমবৰ্ধমান সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্কৰ চিন হৈ ৰব।