অসমৰ মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত উন্নয়নমূলক প্ৰকল্পৰ কেইবটাও আধাৰশিলা উদ্বোধন কৰে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বৰাক উপত্যকাৰ শিলচৰত অৱতৰণ কৰি সোনাই আৰু বৰাক নদীৰ ওপৰত তিনিখন দলং উদ্বোধন কৰে আৰু ৭৫০ কোটি টকাৰ অধিক মূল্যৰ কাছাৰ আৰু হাইলাকান্দি জিলাত আন কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

কাটিগৰা‌, বৰখলা, উদাৰবন্দ আৰু সোণাইক নতুন মহকুমা ঘোষণা মুখ্যমন্ত্ৰীৰ। বিধানসভাৰ আগন্তুক অধিবেশনত শিলচৰৰ জিছি কলেজক পুৰ্ণ বিশ্ববিদ্যালয়ৰ মৰ্যদা প্ৰদান কৰা হ’ব বুলিও ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মায়।

বৃহস্পতিবাৰে ৰাতিপুৱা শিলচৰৰ কুম্বিৰগ্ৰাম বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে মুখ্য মন্ত্ৰীয়ে পথেৰে শিলচৰৰ বদ্ৰীপাৰ দলং স্থান অভিমুখে যাত্ৰা কৰে আৰু বাৰেঙ্গা আৰু কাশীপুৰসংযোগী বৰাক নদীৰ ওপৰত বদ্ৰীঘাট দলং আনুষ্ঠানিকভাৱে উদ্বোধন কৰে আৰু ইয়াক ৰাইজৰ বাবে উৎসৰ্গা কৰে।

তাৰ পাছত বৰাক উপত্যকাৰ শিলচৰত মহাবীৰ লাচিত বৰফুকনৰ স্মৃতিত এক সুউচ্চ প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। বৰাক উপত্যকাৰ ভিতৰত আটাইতকৈ ওখ এই প্ৰতিমূৰ্তিয়ে আহোম সেনাৰ মহান সেনাপতিগৰাকীৰ স্মৃতি সংৰক্ষণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হ’ব বুলি তেখেতে কয়।

ইয়াৰ পিছত ৪৮ কোটি টকা ব্যয়‌ সাপেক্ষ ঘুংগুৰত ইন্টিগ্ৰেটেড ডিচি অফিচ কমপ্লেক্সৰ‌ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। একেদিনাই শিলকুৰিত নতুনকৈ নিৰ্মাণ কৰিব লগা কনভেনছন চেন্টাৰ এটাৰো আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীয়ে।

ইয়াৰ পিছত জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত‌ পঞ্চম জলজীবন সন্মিলনত অংশ লৈ মুখ্যমন্ত্ৰীয়ে জলজীৱন মিছনৰ‌ অধীনত একেলগে ৭৫ খন পানী যোগান আঁচনিৰ উদ্বোধন কৰে। তদুপৰি, অসম মালা প্ৰকল্পৰ অধীনত শিলচৰ- কালাইন পথৰ ২১ কিঃমিঃ পথক ২১০ কোটি টকীয়া চাৰিলেনযুক্ত পথলৈ উন্নীত কৰা কামৰো আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

উক্ত সভাতে মুখ্যমন্ত্ৰীয়ে কাছাৰ জিলাৰ উন্নয়ণৰ‌ বাবে‌ কেবাটাও নতুন প্ৰকল্পৰ ঘোষণা কৰে।‌ মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰা মতে, বৰাক নৈৰ ওপৰত শিলচৰৰ শিলঘাটত আৰু এখন নতুন পকী দলঙ নিৰ্মাণ কৰা হ’ব। তদুপৰি, শিলচৰ-আৰু দুধপাতিলক সংযোগ কৰাৰ বাবে শিলচৰৰ মধুৰাঘাটত আৰু এখন নতুন পকী দলঙ নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে, ডিলিমিটেছনক লৈ‌ বৰাকৰ জনসাধাৰণ অত্যন্ত সুখী বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে বিজেপিৰ পৰা নিলম্বিত শিলচৰৰ প্ৰাক্তন বিধায়ক দিলীপ পালক পুনৰ‌ দললৈ উভতাই অনা হ’ব বুলি চৰ্চা চলি থকা বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে, দিলীপ পালে বিজেপিলৈ প্ৰত্যাবৰ্তন কৰিবলৈ ইতিমধ্যে আবেদন কৰিছে।

ইয়াৰোপৰি শিলচৰ চহৰক যানজটৰ পৰা মুক্ত কৰিবলৈ তিনি খন নতুন ফ্লাইঅভাৰ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাইছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ৩ কিঃমিঃ দৈৰ্ঘৰ ৰামনগৰৰ পৰা ট্ৰাংকৰোডলৈ এখন ফ্লাইঅভাৰ, ২.৩ কিঃমিঃ দৈৰ্ঘৰ কেপিটেল পইন্টৰ‌ পৰা ৰাংগিৰখাৰীলৈ আন এখন ফ্লাইঅভাৰৰ‌ লগতে তাৰাপুৰ শিববাৰী ৰোডত ১ কিঃমিঃ দৈৰ্ঘৰ এখন এলিভেটেত অভাৰব্ৰিজ নিৰ্মাণৰ বাবে ইতিমধ্যে ফিজিবিলিটী স্টাডি আৰম্ভ কৰা হৈছে বুলিও জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।