অসম চৰকাৰৰ মীন বিভাগ, খাদ্য সুৰক্ষা আয়ুক্তালয়, মীন মহাবিদ্যালয় (ৰহা), গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগে যুটীয়াভাৱে বহিঃৰাজ্যৰ পৰা অহা মাছত ফৰ্মেলিনৰ অৱস্থিতি বিচাৰি কৰা গৱেষণাৰ অন্তত মঙলবাৰে অৰ্থাৎ ৩০ মে’ত এক সংবাদমেল সম্বোধন কৰে ।
খাদ্য সুৰক্ষা আয়ুক্তালয়ে অসমৰ বিভিন্ন জিলাৰ ভিন্ন স্থানৰ পৰা ৮৬টা নমুনা সংগ্ৰহ কৰিছিল। ইয়াৰে ১০টা নমুনাতে বৰবিহ ফৰ্মেলিনৰ অৱস্থিতি পোৱা গৈছে বুলি আয়ুক্তালয়ে জানিবলৈ দিয়ে।
বৰ্তমান যি যি ঠাইত মাছত বিষাক্ত ফৰ্মেলিনৰ অৱস্থিতি পোৱা গৈছে, তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে। কিন্তু এতিয়াও স্পষ্ট তথ্য নাই যে ক’ত কেনেকৈ মাছত ফৰ্মেলিন মিহলোৱা হৈছিল। প্ৰতি খন জিলালৈ টেষ্ট কিট দিয়া হ’ব যাৰ জৰিয়তে অভিযান চলোৱা হ’ব।
ফর্মেলিনযুক্ত চালানী মাছৰ ক্ষেত্ৰত মীন বিভাগৰ অদ্ভুত মন্তব্য কৰে। তেওঁলোক এফালে থলুৱাভাৱে উৎপাদিত মাছ খাবলৈ আহ্বান কৰে। মীন বিভাগৰ মতে অসমতেই পৰ্যাপ্ত মাছ আছে। কিন্তু ফর্মেলিনযুক্ত চালানী মাছ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো মন্তব্য নকৰিলে মিন বিভাগে।