অসমৰ চাহ উদ্যোগৰ মৃত্যুঘণ্টাঃ উদ্বেকজনভাৱে হ্ৰাস অসমৰ চাহৰ ৰপ্তানিঃ যোৱা ৫ বছৰত বিক্ৰী ৬৮ খন চাহ বাগিচা

ডিজিটেল ডেক্স, গুৱাহাটীঃ ১৮৩৯ চনত ইষ্ট ইণ্ডি‌য়া কোম্পানীয়ে প্ৰথমবাৰ অসমত চাহ খেতিৰ আৰম্ভ কৰে। অসমৰ প্ৰথমখন চাহ বাগিছা হৈছে – “চাবুৱা চাহ বাগিছা” । আনহাতে অসমৰ প্ৰথমজন চাহ খেতিয়ক হৈছে – মণিৰাম দেৱান।

ভাৰতীয় অর্থনীতিত অসমৰ চাহ উদ্যোগে এত গুৰুত্বপূর্ণ স্থান দখল কৰিছে । ভাৰতৰ মুঠ চাহ উৎপাদনৰ ৫২শতাংশ অসমত উৎপাদন হয়। অসমৰ চাহ ৰপ্তানি কৰি ভাৰতে প্ৰচুৰ পৰিমাণৰ বৈদেশিক মুদ্ৰা আহৰণ কৰাৰ উপৰিও ৰপ্তানি কৰ ধাৰ্য কৰি এক বুজন পৰিমাণৰ ৰাজহ প্ৰতিবছৰে সংগ্ৰহ কৰি আহিছে। সেয়েহে ভাৰতৰ পঞ্চবার্ষিক পৰিকল্পনা সমূহত চাহ উৎপাদনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে। বৈদেশিক মুদ্রা উপার্জনকাৰী হিচাপে ভাৰতৰ অৰ্থনীতিত ইয়াৰ স্থান ১৯৭৬ চনত পঞ্চম আছিল আৰু ২৬০ কোটি টকাৰ মূল্যৰ বৈদেশিক মুদ্ৰা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। দ্বিতীয় পৰিকল্পনাৰে সয়ছোৱাত চাহ উৎপাদনৰ লক্ষ্য ৩১৫ নিযুত কিলোগ্ৰাম আৰু ইয়াৰ ৰপ্তানিৰ লক্ষ্য ২২৫ নিযুত কিলোগ্রাম বান্ধি লোৱা হৈছিল। কিন্তু এই পৰিকল্পনাৰ শেষত অর্থাৎ ১৯৬০-৬১ চনত ইয়াৰ উৎপাদনৰ পৰিমান ৪১৯ নিযুত কিলোগ্ৰাম আৰু ৰপ্তানিৰ পৰিমান ২৪ নিযুত কিলোগ্রাম হৈছিলগৈ। ১৯৮০ চনলৈ ভাৰতৰ চাহ শিল্পই উৎপাদনৰ ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিব পাৰিছিল। তাৰ পিছত চাহৰ উৎপাদন লাহে লাহে কমিবলৈ ধৰে। অসমৰ চাহ শিল্পই বর্তমান বহু সমস্যাৰ সন্মুখীন হৈছে আৰু ইয়াৰ ফলত অধিকাংশ চাহ বাগানৰ অৱস্থা শোচনীয় হৈ পৰিছে।

শেহতীয়াকৈ বিভিন্ন কাৰণত অসমৰ দুশ বছৰীয়া চাহ উদ্যোগ তথা শিল্পটোৱে সংকটৰ সন্মূখীন হৈ আহিছে । বৰ্তমান অসুৰক্ষিত হৈ পৰিছে অসমৰ চাহ উদ্যোগৰ ভৱিষ্যৎ । লক্ষণীয় বিষয় যে ২০১৭ চনৰ পৰা ২০২২ চনলৈকে অসমৰ ৬৮ খন চাহ বাগিচা বিক্ৰী কৰিছে পুঁজিপতি গোষ্ঠীয়ে । স্মৰ্তব্য যে আন ব্যৱসায়-বাণিজ্যত পুঁজি বিনিয়োগ কৰি দেশৰ পুঁজিপতি গোষ্ঠীয়ে অসমৰ চাহ উদ্যোগলৈ নমাই আনিছে ভয়ংকৰ সংকট । যিটো অসমৰ চাহ উদ্যোগৰ বাবে শুভ লক্ষণ নহয় ।

অসমৰ সুনাম বৃদ্ধিৰ লগতে বিশেষভাৱে ৰাজ্যখনৰ অৰ্থনীতিৰ ভেটি গঢ় দিয়া চাহ উদ্যোগে বৰ্তমান ভয়াৱহ সংকটৰ সন্মুখীন হৈছে । আনকি এই কথা সদৰী কৰিছে অসম চাহ কৰ্মচাৰী সংঘই ।

অসমৰ চাহ শিল্পই সন্মুখীন হোৱা সমস্যাবোৰৰ ভিতৰত প্ৰধান সমস্যা হৈছে উৎপাদন ব্যয় বৃদ্ধি। দেশত চলি থকা মুদ্রাস্ফীতিৰ ফলত শ্ৰমিকসকলক অধিক হাৰত মজুৰি, দৰমহা আদি দিবলগীয়া হোৱাত এই শিল্পৰ ব্যয় বৃদ্ধি পাইছে। তদুপৰি সাৰ আৰু যন্ত্রপাতিৰ দাম বঢ়াৰ বাবে উৎপাদন ব্যয় বৃদ্ধি হৈছে। ফলত আন্তর্জাতিক বজাৰত তিষ্ঠি থকা কঠিন হৈছে। যোৱা দশকটোত ৰাসায়নিক সাৰ,শ্ৰমিকৰ মজুৰি, পৰিবহন ব্যয় তীব্রভাৱে বৃদ্ধি পোৱাত চাহ উৎপাদনৰ ক্ষেত্ৰত বহু বাধা আহি পৰে। এনে অৱস্থাত প্ৰতিখন চাহবাগানে উৎপাদন কৰা চাহৰ প্ৰতি কিলোত ২ টকাকৈ লোকচান ভৰিছে। ইয়াৰ ফলত চাহবাগানবোৰ অর্থনৈতিক সংকটৰ সম্মুখীন হৈছে আৰু উৎপাদন বৃদ্ধিৰ সকলো প্ৰচেষ্টা ত্যাগ কৰি জীয়াই থকাৰ সংগ্ৰাম কৰিব লগীয়াত পৰিছে। বৰ্তমান টকাৰ বিনিময় মূল্য হ্রাস হোৱাৰ ফলত চাহৰ ৰপ্তানিৰ ওপৰত বিৰূপ প্রতিক্রিয়া হয়। কাৰণ ইয়াৰ ফলত বিদেশত চাহৰ মূল্য হ্ৰাস হ’লেও সেই অনুপাতে চাহৰ চাহিদা বৃদ্ধি নহ’ল। চাহ উদ্যোগত মূলধনৰ সমস্যাও জটিল।

আনহাতে, আন ব্যৱসায়ত পুঁজি বিনিয়োগ কৰিবৰ বাবে বাগিচা বন্ধকত ৰাখি বেংকৰ ঋণ লোৱা একাংশ পুঁজিপতিয়ে এতিয়া ৰাজ্যৰ চাহ উদ্যোগলৈ ভয়ংকৰ সংকট নমাই আনিছে । সময়ত বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বাগিচা বিক্ৰীৰ দৰে হঠকাৰী সিদ্ধান্ত লৈছে একাংশ চাহ কোম্পানীয়ে ।

অসমৰ চাহ শিল্পৰ ক্ষেত্ৰত দেখা দিয়া আন সমস্যা হৈছে নিম্ন উৎপাদনশীলতা। অসমৰ অধিকাংশ চাহ বাগান ৮০ বছৰৰো অধিক পুৰণি। আনহাতে চাহ কুঞ্জবনবোৰ (Tea groves) বহু পুৰণি হৈছে আৰু কিছুমান বাগিচা মৃতপ্রায় অৱস্থাত আছে। চাহ বাগানবোৰৰ শতকৰা ৮০ ভাগ চাহগছৰ গড় বয়স ৬০ বছৰতকৈ অধিক। এনে বৃদ্ধ গছবোৰৰ উৎপাদন ক্ষমতা কমি যোৱা পৰিলক্ষিত হৈছে। পুৰণি চাহ গছবোৰ উচ্ছেদ কৰি নতুন চাহ গছ ৰোপণৰ কাৰণে পুঁজিৰ আৱশ্যক। কিন্তু চাহ বাগানসমূহৰ আৰ্থিক দূৰৱস্থা আৰু দীর্ঘকালীন আনুষ্ঠানিক ঋণৰ সুবিধাৰ অভাৱত নতুন গছ ৰোপণৰ ক্ষেত্ৰত অসুবিধাই দেখা দিছে। এনে কাৰণতে চাহ বাগানসমূহ থকা আবাদী মাটিবোৰত নতুন চাহ গছ ৰোপণৰ সম্ভৱনা হোৱা নাই।

সেয়ে চাহ উদ্যোগলৈ পিঠি দি আন ব্যৱসায়ত মনোনিবেশ কৰা একাংশ পুঁজিপতিয়ে নিয়মিতভাৱে বিক্ৰী কৰি আছে ইখনৰ পিচত সিখন চাহ বাগিচা । তিনিচুকীয়াৰ তালাপস্থিত এপিজে টী গ্রুপে ১৬ খন চাহ বাগিচা বিক্ৰী কৰাৰ পিচত বেংকৰ ঋণ পৰিশোধ কৰাৰ গইনাৰে মেকলয়ড ৰাছেল ইণ্ডিয়া টী কোম্পানীয়ে ৭০০ কোটি টকাত বিক্ৰী কৰিছে অসমৰ ১৫ খন চাহ বাগিচা । এই ১৫ খন চাহ বাগিচাৰ ৬ খনেই তিনিচুকীয়া জিলাৰ ।

আনহাতে, শেহতীয়াকৈ চাহ বাগিচাসমূহ উগ্ৰপন্থী সংগঠনৰ ধন সংগ্ৰহৰ লক্ষ্যস্থান হৈ পৰাত আন এক সমস্যাই দেখা দিছে । শেহতীয়াকৈ শক্তি বৃদ্ধিৰ বাবে কেইবাটাও উগ্রপন্থী সংগঠনে ধন সংগ্ৰহৰ বিশাল অভিযান আৰম্ভ কৰিছে । বিশেষকৈ উজনি অসমত আলফা স্বাধীনৰ লগতে এন এচ চি এনকে ধৰি আন আন উত্তৰ পূৰ্ব্বাঞ্চলৰ উগ্ৰপন্থীয়ে ধন সংগ্রহ অভিযান অব্যাহত ৰাখিছে । ব্যৱসায়ী আৰু চাহ বাগিচাসমূহৰ পৰা বুজন অংকৰ ধনদাবী কৰি আহিছে এই সংগঠন সমূহে ।