অসম অৰুণাচল সীমান্তবৰ্তী মিচিং জনগোষ্ঠীৰ এখন গাওঁ। গাওঁ খনৰ নাম পূৱ বিহমাৰী মিচিং গাওঁ। গাওঁ খন আছে বিহালী সমষ্টিৰ বিশ্বনাথ জিলাত।
অভাবে কুঙা কৰা গাওঁখনত নাই কোনো যাতায়ত, শিক্ষা, স্বাস্থ্যৰ আৰু বিজুলীৰ সু-ব্যবস্থা।
একবিংশ শতিকাতো এই গাঁওখনৰ লোকসকলে নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বছৰ বছৰ বঞ্চিত হৈ আছে।
গাঁওখনৰ ছাত্ৰ ছাত্ৰী সকলে ৰাতিৰ পৰিৱৰ্তে দিনতে পঢ়ে কিতাপ। যাতায়তৰ ক্ষেত্ৰতো ব্যাপক সমস্যা গাঁওখনত। এখন নদীৰ মাজেৰে যাতায়ত কৰিবলগীয়া হয় গাঁওবাসী। গাঁওখনত নাই বিজুলী সেৱা, নাই শিক্ষা ব্যৱস্থা।
গাওঁখনত প্ৰদেশ কংগ্ৰেছৰ মখপাত্ৰ বৰ্ণালী ফুকণ উপস্থিত হৈ চৰকাৰক গাঁওখনত দৃষ্টি নিক্ষেপ কৰিবলৈ দাবী জনায়।