অসমীয়া কথাছবি ‘মহাবাহু’ৰ শীৰ্ষ গীত শুভ উন্মোচন
শিৱসাগৰৰ পৰা নিৰ্মিত অসমীয়া কথাছবি “মহাবাহু”ৰ শীৰ্ষ গীতটিৰ ভিডিঅ’ সংস্কৰণ আজি শিৱসাগৰ যুৱদলত শুভ উন্মোচন কৰা হয়।
জনপ্ৰিয় কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰৰ কণ্ঠৰে নিগৰিত “সাতোৰঙী“ শীৰ্ষক গীতটি শুভ উন্মোচন কৰে অনাতাঁৰ শিল্পী অৱন্তী পামেগাম চেতিয়াই।
সাংস্কৃতিক কৰ্মী ঋতুপর্ণ বৰগোহাঁই আৰু পৰিচালক প্ৰাঞ্জল প্ৰতীম চেতিয়াই আঁত ধৰা অনুষ্ঠানটোত জিলা পৰ্যটন বিষয়া মাধৱ দাস, নাট্যকৰ্মী ৰূপক ভূঞা, সমাজ কৰ্মী শৰৎ হাজৰিকা, হেমন্ত গগৈ, প্ৰবক্তা ড০ সীমান্ত বৰুৱা, সংগীত শিল্পী পাৰ্থ বৰগোহাঁই, সাংবাদিক ভৈৰৱ মুণ্ডা, মনোজ কুমাৰ গগৈ, কথাছবিখনৰ অন্যতম প্ৰযোজক মনোজ চাংবুন ফুকন, আকাশ দুৱৰী, সমীৰ দত্ত, কলা-কুশলীসকলকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে।