অসমঃ হাফলঙত উৎকোচৰ অভিযোগত পিডব্লিউডিৰ কাৰ্যবাহী অভিযন্তাক আটক

গুৱাহাটী, ১৭ আগষ্টঃ The Diector of Vigilance and Anti-Corruption দলে বৃহস্পতিবাৰে ডিমা হাচাওৰ হাফলংত এজন পিডব্লিউডি (আৰ এণ্ড বি)ৰ কাৰ্যবাহী অভিযন্তাক উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা অভিযন্তাজনৰ নাম মনুজ কুমাৰ শইকীয়া বুলি জানিব পৰা গৈছে।

ভিজিলেন্স দলৰ মতে, অভিযন্তাজনে অভিযোগকাৰীৰ পৰা অমীমাংসিত বিল মুকলি কৰাৰ বাবে উৎকোচ দাবী কৰিছিল।

ইফালে, উৎকোচ দিবলৈ অনিচ্ছুক অভিযোগকাৰী জনে চৰকাৰী বিষয়াৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সঞ্চালকালয়ৰ কাষ চাপিছিল।

পৰৱৰ্তী অনুসন্ধান চলি আছে।