পশ্চিম অষ্ট্ৰেলিয়াৰ সাগৰ তীৰত উদ্ধাৰ হৈছে ৰহস্যময় বিশাল ধাতুৰ চিলিণ্ডাৰ। যাক লৈ এতিয়া অষ্ট্ৰেলিয়াত সৃষ্টি হৈছে তীব্ৰ কৌতুহলৰ। অষ্ট্ৰেলিয়াৰ মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে এই ৰহস্যময়ী বৃহৎ চিলিণ্ডাৰটো যোৱা ১৪ জুলাই তাৰিখে ভাৰতে উৎক্ষেপন কৰা মহাকাশযান চন্দ্ৰযান-৩ৰ অংশ বুলি সন্দেহ প্ৰকাশ কৰিছে।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) মঙলবাৰে কৈছিল যে সংস্থাটোৱে নিশ্চিত বা অস্বীকাৰ কৰিব নোৱাৰে যে অষ্ট্ৰেলিয়াত সমুদ্ৰ তীৰত থকা বিশাল বস্তুটো ইয়াৰ পোলাৰ চেটেলাইট লঞ্চ ভেহিকেল (পিএছএলভি) ৰকেটৰ অংশ আছিল নে নাই।
“আমি বস্তুটো ব্যক্তিগতভাৱে নোচোৱাকৈ আৰু ইয়াক পৰীক্ষা নকৰাকৈ নিশ্চিত বা অস্বীকাৰ কৰিব নোৱাৰো। প্ৰথমে অষ্ট্ৰেলিয়াৰ মহাকাশ সংস্থাই বস্তুটোৰ এটা ভিডিঅ’ আমালৈ প্ৰেৰণ কৰিব লাগিব। আমি চিহ্নবোৰ চাব লাগিব যদি ইয়াত থাকে। তেওঁলোকে বস্তুটো বেলেগ ঠাইলৈ স্থানান্তৰ কৰিব লাগিব। যদি প্ৰয়োজন হয়, ইছৰোৰ বিষয়াসকলে তালৈ গৈ নিশ্চিত কৰিব পাৰিব যে ই ভাৰতীয় ৰকেটটোৰ অংশ বিশেষ হয় নে নহয়,” ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) এজন জ্যেষ্ঠ বিষয়াই নাম প্ৰকাশ নকৰাকৈ আইএএনএছক কয়।
মহাকাশ পুৰাতত্ত্ববিদ ড০ এলিচ গৰমেনে ‘দ্য গাৰ্দিয়ীন’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ব্যক্ত কৰে যে, এই সামগ্ৰীবিধ এবিধ ইন্ধন চিলিণ্ডাৰ যি ভাৰতৰ মেৰু উপগ্ৰহ উৎক্ষেপন ৰকেটৰ অংশৰো হ’ব পাৰে আৰু ই চন্দ্ৰযান-৩ৰ তৃতীয় পৰ্যায়ত মহাকাশযানখনৰ পৰা বিচিন্ন হোৱা অংশ হোৱাৰ সম্ভাৱনা বেছি। কোনো বৃহৎ সাগৰীয় পৰিঘটনাৰ ফলত ই স্থানচুত্য হৈ পাৰলৈ আহিব পাৰে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰে বিজ্ঞানীগৰাকীয়ে।