দ্য অ’ভেলত অনুষ্ঠিত হোৱা ফাইনেলত ভাৰতক ২০৯ ৰাণত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই প্ৰথমবাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) লাভ কৰে।
ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াই সকলো পুৰুষৰ আই চি চি ট্ৰফী (এদিনীয়া বিশ্বকাপ, চেম্পিয়নছ ট্ৰফী, টি-২০ বিশ্বকাপ আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ) জয় কৰা প্ৰথমখন ৰাষ্ট্ৰ হিচাপে পৰিগণিত হৈছে।
ইয়াৰ উপৰিও ভাৰতে এতিয়া ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে WTC ৰানাৰ্ছ আপৰ স্থান দখল কৰিছে।
শেষৰ দিনা ভাৰতৰ প্ৰয়োজন আছিল ২৮০ ৰাণৰ। চতুৰ্থ দিনৰ অন্তত ভাৰতৰ স্ক’ৰ আছিল ৩ উইকেটৰ বিনিময়ত ১৬৪ ৰাণ। উইকেটত আছিল বিৰাট কোহলি আৰু অজিংকে ৰাহানে। কিন্তু বিৰাট ৪৯ আৰু ৰাহানে ৪৬ ৰাণত আউট হোৱাৰ লগে লগে ভাৰতৰ ইনিংচ চমু চাপি আহে আৰু ২৩৪ ৰাণত অল আউট হয়।