অম্বাসুৰৰ ৰূপত বিধায়ক ৰূপজ্যোতি কূৰ্মী।

অম্বাসুৰৰ ৰূপত এইবাৰ বিধায়ক ৰূপজ্যোতি কূৰ্মী।

আমগুৰিঃ বিভিন্ন ব্যতিক্ৰমী কৰ্মপন্থাৰে সততে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থকা মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীৰ নতুন ৰূপ। যোৰহাট জিলাৰ চেলেংহাটৰ কুকুৰাচোৱা বৰনামঘৰত মহাপুৰুষ শংকৰদেৱ জন্মোৎসৱত প্ৰদৰ্শিত “হিন্দু মুনিৰ পিতৃভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ” ভাওনাত অম্বাসুৰৰ ভাও অভিনয় কৰে বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে।

সাৱলীল অভিনয়েৰে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰাৰ লগতে ভাওনাৰ কেন্দ্ৰবিন্দু হৈ পৰে বিধায়ক ৰূপজ্যোতি কূৰ্মী।

উল্লেখ্য যে যোৰহাট জিলাৰ চেলেংহাটৰ এক অতি পুৰাতন অনুষ্ঠান “সদৌ লাহিং মৌজা শ্ৰীমন্ত শঙ্কৰদেৱ জন্মোৎসৱ সমিতি”য়ে এইবাৰ ৭৫ বৰ্ষত হীৰক জয়ন্তী উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদ্‌যাপন কৰে। অনুষ্ঠানৰ অন্তিম কাৰ্যসূচী ভাওনা ত বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে এইদৰে অম্বাসুৰৰ ৰূপ ধাৰণ কৰে।