ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অষ্ট্ৰেলিয়াৰ অ’ভেলত আৰম্ভ হোৱা টেষ্ট বিশ্বকাপত আজি প্ৰথম দিনাই অষ্ট্ৰেলিয়া চালকৰ আসনত । প্ৰথম দিনৰ দিনান্তত অষ্ট্ৰেলিয়াৰ সংগ্ৰহ ৩ উইকেটৰ বিনিময়ত ৩২৭ ৰান ।
আৰম্ভণিতেই চিৰাজ আৰু ছামিৰ যুটীয়া আক্ৰমণে অষ্ট্ৰেলিয়া দলক শলথেকত পেলাইছিল । প্ৰথম স্পেলতেই শূণ্য ৰানত আউট হৈছিল অ’পেনাৰ খাৱাজা আৰু ব্যক্তিগত ৪৩ ৰানত ৱাৰ্নাৰ । কেৱল ৭৬ ৰানৰ ভিতৰতেই তিনিটাকৈ উইকেট হেৰুওৱা অষ্ট্ৰেলিয়াৰ ছন্দপতন ঘটা বুলি অনুভৱ কৰিছিল সকলোৱে । কিন্তু ধীৰে ধীৰে সলনি হ’ল প্ৰেক্ষাপট ।
হেডৰ বিস্ফোৰক বেটিঙৰ বিপৰীতে স্মিথে অতি সাৱধানে দলৰ স্ক’ৰৰ গুৰি ধৰে । যাৰ ফলত প্ৰথম তিনিটা উইকেটৰ পাছত আৰু উইকেট ল’বলৈ সক্ষমেই নহ’ল ভাৰতীয় দলটো । দিনান্তত হেডে ১৪৬ আৰু স্মিথে ৯৫ ৰাণেৰে উইকেটত অপৰাজিত হৈ থাকে।
আই পি এল খেলি যে ভাগৰি পৰিছে ভাৰতীয় বলিং বিভাগ, সেইয়া খুব সুন্দৰকৈ প্ৰতিফলিত হ’ল প্ৰথম দিনাই । শ্বাৰদুল ঠাকুৰ আৰু উমেশ যাদৱৰ বলিং আছিল নিষ্প্ৰভ ।