অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে বৰখালাত সামুহিক দৌৰ

অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে বৰখালাত সামুহিক দৌৰ৷

বাহাৰঘাটঃ বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ উদ্যোগত উদযাপিত হয় ৪০তম বাৰ্ষিক অভিৰুচি ক্ৰীড়া দিৱস৷

আজি ৰাজ্যজুৰি উদযাপিত হৈছে ৪০তম বৰ্ষিক অভিৰুচি ক্ৰীড়া দিৱস৷তদুপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাৰ অগ্ৰণী ক্ৰীড়ানুষ্ঠান বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱে পূৱা বৰখালা চকৰ পৰা এটি সামুহিক দৌৰৰ আয়োজন কৰে৷

প্ৰায় দুইশতাধিক যুৱক, যুৱতী, কিশোৰ-কিশোৰীয়ে অংশগ্ৰহণ কৰা সামুহিক দৌৰ উদ্বোধন কৰে বৰভাগ ইউনাইটেড স্পোৰ্টচ ক্লাৱৰ প্ৰাক্তন সভাপতি ডা°অৰুন চন্দ্ৰ শৰ্মাই৷

বৰখালা চকত আৰম্ভ কৰা সামুহিক দৌৰৰ দলটি চতমা, নামখালা আদিৰ মাজৰে পৰিভ্ৰমণ কৰাৰ অন্তত পূনৰাই বৰখালা চকত থকা ক্লাৱৰ বাকৰিত প্ৰতিজন অংশগ্ৰহণ কাৰীকে প্ৰমান পত্ৰ বিতৰণ কৰে৷

ক্লাৱৰ উপসভাপতি তবিবৰ ৰহমানে আতধৰা অনুষ্ঠানটোত শাৰিৰীক নিৰ্দেশক জ্যোতিমোহন কলিতা, দীননাথ কলিতা, নগেন কলিতা, প্ৰাক্তন খেলুৱৈ ললিত ৰাজবংশী, পঃবঃধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক চামাদ আলি, সমাজকৰ্মী ৰমেন চৌধুৰী, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত অৱসৰি শিক্ষক ৰামপ্ৰষাদ শৰ্মা, পঃবঃধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰি অধ্যক্ষ শচীন্দ্ৰ শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে৷