অভিনৱ থিয়েটাৰৰ দ্বাৰা নাওবৈচাত গ্ৰীষ্মকালীন কৰ্মশালা

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত অভিনৱ থিয়েটাৰৰ দ্বাৰা নাওবৈচা বিধান সভা সমষ্টি ভিত্তিত ১৫ জুলাইৰ পৰা ২৫ জুলাই ২০২৩ লৈ ফুলবাৰী বোকানদীৰ ১নং মাজগাওঁত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাখনি কালি সন্ধিয়া সামৰণি পৰে।

কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি বন্তি প্ৰজ্জলনেৰে শুভাৰম্ভ কৰে শিক্ষাবিদ হেম চন্দ্ৰ মহন্ত ই।

অনুস্থানটিৰ আতঁ ধৰে দয়াল কৃষ্ণ নাথে। অনুষ্ঠানত উপস্থিত থাকে নাট্য পৰিচালক ধন কুমাৰ দত্ত, ভোলা নেঁওগ, কলাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ক্ষিৰোদ নেঁওগ আৰু সাহিত্যিক মহেশ্বৰ নাথ।

এই অনুষ্ঠানত অংশগ্ৰহণকাৰী ৫০ গৰাকী প্ৰশিক্ষাৰ্থীক মানপত্ৰ প্ৰদান কৰা হয়। শ্ৰীমতী দৰ্শনা নাথক শ্ৰেষ্ঠ প্ৰশিক্ষাৰ্থী সন্মান প্ৰদান কৰা হয়।এই অনুষ্ঠানত সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে অৰ্চনা নাথ আৰু হৰ্ষীতা বৰাই।

ইয়াৰ পিছতেই কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা লক্ষ্মীনাথ বেঁজবৰুৱাৰ বুঢ়ী আই সাধুৰ আধাৰত “দেৱাঙ্গভূষণ” আৰু “মূৰ্খ ৰজা ” মঞ্চস্থ কৰা হয়।