অভয়াপুৰী সমষ্টিত আই নদীৰ গৰখহনীয়াত শতাধিক পৰিয়াল গৃহহীন

মাণিকপুৰঃ বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ তথা বৰ্তমানৰ সৃজনগ্ৰাম সমষ্টিৰ মাজৰে বৈ যোৱা আই নদীৰ ক্ষ গৰাখহনীয়া আৰম্ভ হৈছে বাশবাশীত।

খহনীয়াৰ ফলত আজি ২নং বাশবাৰী প্ৰাথমিক বিদ্যালয়, এটা মন্দিৰ আৰু শতাধিক পৰিয়ালৰ বাসগৃহ ভাঙিবলগীয়া হৈছে। সম্পূৰ্ণৰূপে জাহ গৈছে এছছি গাওঁখন। স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰে আজি বাশবাশীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

বিধায়ক হৈ ৭৬ কোটি টকাৰ প্ৰোপজেল দিছিল যদিও মাত্ৰ ৪৬ লাখ টকাহে বঙাইগাঁও জিলাত আৱন্টন দিয়ে। জলসম্পদ মন্ত্ৰীয়ে ঠাইখিনি ভ্ৰমণ কৰাৰ লগতে বিধানসভাত আই আৰু মানাহ নদীৰ খহনীয়া ৰোধৰ বাবে পুজি আৱন্টন দিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও ফুটুকাৰ ফেনত পৰিনত হৈছে । বিধায়কজনে সাংবাদিকৰ আগত মন্তব্য দিয়াৰ সময়ত আৱেগিক হৈ পৰে।