চুবুৰীয়া দেশ ম্যানমাৰত চলি থকা অশান্তিকৰ পৰিবেশৰ বাবে যোৱা 22 আৰু 23 জুলাইত ম্যানমাৰৰ পৰা লাজং সীমান্তই দি মণিপুৰৰ চাণ্ডাল জিলাত এই ম্যানমাৰৰ নাগৰিকসকলে প্ৰৱেশ কৰিছে । মুঠ 718 জন ম্যানমাৰৰ অনুপ্ৰবেশকাৰীৰ ভিতৰত 209 জন পুৰুষ 208 গৰাকী মহিলা আৰু 301 টা শিশু আছে ।
মণিপুৰৰ মুখ্য সচিব ড৹ ভিনিত যোশীয়ে সংবাদ মাধ্যমক জনাইছে যে, সীমান্তত থকা অসম ৰাইফলছক কেন্দ্ৰীয় গৃহ বিভাগৰ নিৰ্দেশ অনুসৰি মণিপুৰ চৰকাৰে ইতিপূৰ্বেই অৱগত কৰিছিল যে ম্যানমাৰৰ সীমান্তই দি কোনো নাগৰিক যাতে উপযুক্ত ভিছা আৰু ভ্ৰমণ সূচীৰ লগতে বায়মেট্ৰিক চিহ্ন নোলোৱাকৈ প্ৰৱেশ কৰিব নোৱাৰে ৷ এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ বাবেও পৰামৰ্শ দিয়া হৈছিল । সেয়ে “কিয় আৰু কেনেকৈ” নাগৰিকসকলক উপযুক্ত নথি-পত্ৰ অবিহনে ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া হ’ল সেই সন্দৰ্ভতো প্ৰতিবেদন বিচাৰিছে চৰকাৰে ।
মণিপুৰ চৰকাৰে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত অসম ৰাইফলছৰ 28 নং চেক্টৰৰ মুখ্য কাৰ্যালয় পৰা চাণ্ডাল জিলাৰ উপায়ুক্তলৈ 23 জুলাইত সবিশেষ তথ্য প্ৰেৰণ কৰে আৰু পৰৱৰ্তী ব্যৱস্থাৰ বাবে আহ্বান জনায় । অকল এইয়াই নহয়, মণিপুৰত ম্যানমাৰৰ অবৈধ বিদেশী শৰণাৰ্থী আৰু বিদেশী পূৰ্বতেও আহিছিল ৷ বৰ্তমান 3 মে’ৰ হিংসাত্মক ঘটনাৰ পাছত সহস্ৰাধিক ম্যানমাৰৰ বিদ্ৰোহী, বিদেশী নাগৰিকৰ দৈনিক প্ৰৱেশ ঘটি আহিছে ।
মণিপুৰৰ কংগ্ৰেছ দলৰ সভাপতি কে মেঘা চন্দ্রই সংবাদ মাধ্যমক জনাইছিল যে, মণিপুৰৰ হিংসা ম্যানমাৰৰ কুকি- চিন উগ্ৰপন্থীৰ সহযোগিতাত প্ৰথমে সংঘটিত হৈছিল ।
উল্লেখ্য যে, ম্যানমাৰৰ তামু জিলা ভাৰতৰ উত্তৰ পশ্চিম দিশত অৱস্থিত অৰ্থাৎ মণিপুৰৰ সীমান্তৱৰ্তী অঞ্চল হোৱাৰ বাবে উগ্ৰপন্থী সংগঠনৰ লোকে সঘনাই বিনাদ্বিধাই প্ৰৱেশ কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে । কিন্তু এই অনুপ্ৰৱেশ ৰোধ কৰিবলৈ সক্ষম নহল মণিপুৰ চৰকাৰ কিম্বা কেন্দ্ৰীয় চৰকাৰ ।