অনিয়মীয়া বিদ্যুৎ যোগান, বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ।
আমগুৰিঃ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মইমতালিৰ বিৰুদ্ধে আজি আমগুৰিস্থিত বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত বীৰ লাচিত সেনা অসম, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ঐক্যবদ্ধভাৱে আৰু আছুৱে এককভাৱে প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে।
আছুৱে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
আমগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়াক সংগঠন কেইটাই জবাবদিহি কৰে। পুনৰ অনিয়মীয়া বিদ্যুৎ যোগান ধৰিলে আমগুৰি বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত তলা লগোৱাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠন কেইটাই। সংগঠনকেইটাই পৃথকে পৃথকে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰিছে।