অনিয়মীয়া বিজুলি যোগান, বিদ্যুতৰ বৰ্দ্ধিত মাচুল, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি বিৰুদ্ধে আমগুৰিত প্ৰতিবাদত নামিল আহোম সেনা ।
আমগুৰিঃ ৰাজ্যত উৎকত গৰমৰ সময়ত শক্তিহিন শক্তি বিভাগে নিয়মীত বিজুলী যোগান ধৰিব নোৱাৰাত অতিষ্ঠ হৈ পৰিছে সাধাৰন জনতা । বিদু্ৎতৰ সঘন লুকাভাকুত ব্যাহত হৈছে জনজীৱন ।সমান্তৰাল ভাৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰন জনতাক ।নিয়মীয়া বিদু্ৎ যোগানৰ দাবীৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ বাৱে আজি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে আহোম সেনা আমগুৰি আঞ্চলিক সমিতিয়ে।