নাজিৰা: নাজিৰাৰ গেলেকীত অসমীয়া যুৱ মঞ্চ, সদৌ তাই আহোম ছাত্ৰ সন্থা আৰু অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ।
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে নাজিৰাৰ গেলেকী চাৰি আলিত তিনিটাকৈ সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচী।
ৰাজ্যত প্ৰতিদিনাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক।
মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰাত ব্যৰ্থ হৈ পৰিছে ৰাজ্যৰ বিয়াগোম যোগান বিভাগ।
মুল্য বৃদ্ধিক লৈ আজি ৰাজ্যৰ যোগান বিভাগৰ বিৰুদ্ধে গেলেকীত অসমীয়া যুৱ মঞ্চৰ গেলেকী আঞ্চলিক সমিতি, আটাছু আৰু অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত প্ৰতিবাদ সাব্যস্ত কৰে।
ৰাজ্য চৰকাৰ হায় হায়, যোগান বিভাগ কাম নাই আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।