ৰঙিয়াৰ সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলত যোগ প্ৰশিক্ষণৰ সামৰণি কাৰ্যসূচীত উপস্থিত মহকুমাধিপতি দিপন বৰ্মণ।
ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলক প্ৰশিক্ষিত কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কৰা যোগ প্ৰশিক্ষণ শিৱিৰৰ আজি সামৰণি পৰে।
অগ্ৰণী স্বেচ্ছাসেৱী সংস্থা সাধনাৰ সহযোগত ৰঙিয়া মহকুমাৰ বিভিন্ন বিদ্যালয়ৰ তিনি হাজাৰৰো অধিক শিক্ষক- শিক্ষয়িত্ৰীক ৩ দিনীয়াকৈ প্ৰদান কৰে যোগৰ প্ৰশিক্ষন।
এই দৃশ্য ৰঙিয়াৰ সিদ্ধিনাথ বিদ্যামন্দিৰ হাইস্কুলৰ ।আজি পুৱা সামৰণিৰ কাৰ্যসুচীত উপস্থিত থাকে মহকুমাধিপতি দিপন বৰ্মণ ।
ৰঙিয়াৰ স্বস্তি হাস্পাতালৰ পৰিচালন সঞ্চালক ডাঃহীতেন্দ্ৰ কলিতা প্ৰমুখ্যে আন কেবাগৰাকী বিশিষ্ট ব্যাক্তিৰ উপস্থিতিত কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানখনত মহকুমাধিপতি গৰাকীয়ে যোগ প্ৰশিক্ষণৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে।
আনহাতে প্ৰশিক্ষণ ৰ ক্ষেত্ৰত বিশেষ দায়িত্ব পালন কৰা যোগাচাৰ্য জ্যোতিষ কলিতাৰ লগতে সাধনা যোগ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিও ভাষণ প্ৰসঙ্গত কৃতজ্ঞতা জ্ঞাপন কৰে মহকুমাধিপতি দিপন বৰ্মণে ।