শিৱসাগৰঃ বনকৰা যুৱতিক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হোৱা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে নাজিৰাত উত্তাল প্ৰতিবাদ।
নিৰ্যাতনকাৰী আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক গ্ৰেপ্তাৰ আৰু নিৰ্যাতিতা মহিলা গৰাকীক ন্যায় প্ৰদানৰ দাবীত এই প্ৰতিবাদ।
নাজিৰাৰ চাহ মজদুৰ সংঘৰ কাৰ্যালয়ৰ পৰা নাজিৰাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখলৈ প্ৰতিবাদী সমদল কাৰ্য্যসূচী গ্ৰহণ।
অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ জনগোষ্ঠী জাতীয় মহসভাৰ উদ্যোগত এই প্ৰতিবাদী সমদল কাৰ্য্যসূচী গ্ৰহণ।
প্ৰতিবাদী সমদলত শ শ লোকৰ অংশগ্ৰহণ।
ডিজিপি জি পি সিঙে অকথ্য নিৰ্যাতন চলোৱা আৰক্ষী বিষয়া গৰাকীক তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল’জ কৰাৰ কথা ঘোষণা কৰিছে যদিও ক্ষান্ত হোৱা নাই নাজিৰাৰ ক্ষোভিত ৰাইজ। এক উত্তাল পৰিৱেশ বিৰাজমান সমগ্ৰ নাজিৰাত শুভলক্ষ্মী দত্তৰ বিৰুদ্ধে।
ইয়াৰ মাজতে বিভাগীয় তদন্ত কৰাৰ কথা ঘোষণা ডিজিপি জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ।
তাৰ পিছতো শুভলক্ষ্মী দত্তৰ গ্ৰেপ্তাৰৰ দাবীত অটল হৈ আছে নাজিৰাৰ ৰাইজ তথা চাহজনগোষ্ঠীয় সংগঠন।