২০২৩ চনত গুগলত আটাইতকৈ বেছি ছাৰ্চ কৰা এছিয়াৰ ব্যক্তি হৈছেঃ বিৰাট কোহলী

নিতৌ এটাৰ পিছত আন এটা বিশ্ব অভিলেখ গঢ়ি গৈছে ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে । মাষ্টাৰ ব্লাষ্টাৰ শচীন তেণ্ডুলকাৰৰ বহুকেইটা অভিলেখ ভংগ কৰাৰ লগতে ৰচনা কৰিছে ক্ৰিকেটৰ বহু নতুন ইতিহাস । যাৰ বাবে বিৰাট কোহলীৰ অনুৰাগী কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে বিয়পি আছে ।

ক্ৰিকেটৰ কিং (ৰজা) কোহলী বৰ্তমান তেওঁ এছিয়াৰ গুগলৰো ৰজা হৈ পৰিছে ।

২০২৩ চনত গুগলত আটাইতকৈ বেছি ছাৰ্চ কৰা এছিয়াৰ যিসকল ব্যক্তি আছে, তাৰ ভিতৰত বিৰাট কোহলী স্থান বৰ্তমান শীৰ্ষত । তেওঁৰ পিছতে আছে তাৰকা গায়ক বিটিএছ খ্যাত জিঅন জাংকু । অৱশ্যে দুয়োগৰাকী শীৰ্ষ ছাৰ্চ কৰা লোকৰ তালিকাত স্থান তল-ওপৰ হৈ থাকে ।

উল্লেখ্য যে বিৰাট কোহলীৰ অনুৰাগী চুবুৰীয়া দেশ আৰু ভাৰতৰ চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানতো আছে । কেৱল ভাৰততে নহয়, পাকিস্তানতো বিৰাট কোহলীৰ এনে কিছু মহিলা অনুৰাগী আছে যিসকলে বিৰাট কোহলীক পাকিস্তানী খেলুৱৈতকৈও বেছি ভালপায় । আনহাতে, কোহলীয়েও পাকিস্তানী খেলুৱৈসকলক প্ৰশংসা কৰাত কৃপণালি নকৰে ।