সোনাপুৰৰ দিচাং ৰিজ’ৰ্টত বিধ্বংসী অগ্নিকাণ্ডঃ

পুৱাই সোণাপুৰৰ দিচাং ৰিজ’ৰ্টত সংঘটিত হ’ল এক বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত ৰিজ’ৰ্টখনৰ কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণ হয়। ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।

প্ৰাথমিক প্ৰতিবেদনত প্ৰকাশ পাইছে যে সোনাপুৰ অঞ্চলত অৱস্থিত ৰিজৰ্টখনৰ চৌহদৰ ভিতৰত বৈদুতিক চৰ্ট চাৰ্কিটৰ ফলত প্ৰথমে জুইৰ সুত্ৰপাত হ’য় আৰু একাধিক এলপিজি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই জুয়ে ভয়ংকৰ ৰূপ লয়।

ৰিজ’ৰ্টখনৰ গৰাকী দিলীপ গগৈয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে বুধবাৰে এই ৰিজ’ৰ্টখনৰ চৌহদত থকা স্থায়ী পেণ্ডেলত এক বিবাহ অনুষ্ঠান সম্পন্ন হৈ গৈছিল। এই পেণ্ডেলতেই আছিল বিভিন্ন সামগ্ৰী। পুৱা তেওঁ অগ্নিকাণ্ডৰ খবৰ লাভ কৰে আৰু ৰিজ’ৰ্টখনলৈ আহে। সেই সময়লৈকে স্থানীয় লোকৰ সহায়ত অগ্নিনিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই আছিল।

এই অগ্নিকাণ্ডত গোটেই পেণ্ডেলটো জ্বলি শেষ হৈ যায়। এই পৰ্যন্ত ক্ষয়-ক্ষতিৰ কোনো হিচাপ পোৱা নাই যদিও প্ৰায় ৬০ ৰ পৰা ৭০ লাখ টকাৰ যে সামগ্ৰী ভস্মীভূত হ’ল সেই কথা নিশ্চিত।

তেখেতে সন্দেহ কৰা অনুসৰি এই অগ্নিকাণ্ড চৰ্ট চাৰ্কিটৰ বাবেই হ’ল। অগ্নিকাণ্ডৰ ফলত পেণ্ডেলত থকা তিনিটাকৈ চিলিণ্ডাৰো বিস্ফোৰিত হয়।