শিৱসাগৰত অষ্টম সংখ্যক অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান

শিৱসাগৰঃ শিৱসাগৰ প্ৰেছ ক্লাবৰ উদ্যোগত তথা শিৱসাগৰ কলেজৰ সহযোগত আজি অনুষ্ঠিত কৰা হয় অষ্টম সংখ্যক অধ্যাপক শৰৎ মহন্ত স্মাৰক বক্তৃতানুষ্ঠান।

শিৱসাগৰ কলেজৰ মাধৱচন্দ্ৰ বেজবৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত বক্তৃতানুষ্ঠানত ” অসমৰ সমাজ জীৱনত সংবাদ মাধ্যমৰ প্ৰভাৱ, পৰিবৰ্তিত প্ৰাসংগিকতা ” শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাংবাদিক, গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে।

ভাষণ প্ৰসংগত তেওঁ সংবাদ মাধ্যমে বাণিজ্যিক ৰূপ লোৱা বুলি উল্লেখ কৰি তাৰ মাজতে ইতিবাচক কাম কৰাৰ আহ্বান জনায়।‌ বাতৰি কাকত পাঠকে ক্ৰয় কৰিলেহে উদ্যোগটো জীয়াই থাকিব, অন্যথা বাতৰি কাকত মৃত প্ৰায় হোৱা, স্খলন হোৱা বুলি ইনাই বিনাই থাকিলে লাভ নহ’ব বুলিও মন্তব্য কৰে মনোজ কুমাৰ গোস্বামীয়ে।

শিৱসাগৰ কলেজৰ অধ্যক্ষ ড° প্ৰফুল্ল কলিতাই আদৰণি ভাষণ প্ৰদান কৰা বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত শৰৎ মহন্তৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ, বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

ৰংপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰিয়ংকা দত্তক মেধা বৃত্তি প্ৰদান কৰা হয়। উক্ত অনুষ্ঠানতে প্ৰয়াত শৰৎ মহন্তৰ পুত্ৰ তথা গড়গাওঁ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্তৰ “ভিন্ন প্ৰসংগ” গ্ৰন্থখন উন্মোচন কৰে মনোজ কুমাৰ গোস্বামীয়ে।

বক্তৃতানুষ্ঠানত প্ৰয়াত অধ্যাপক, মানৱ অধিকাৰ আয়োগৰ সদস্য শৰৎ মহন্তৰ সহধৰ্মিনী মিনা মহন্ত, পুত্ৰ তথা আই পি এছ পাৰ্থ সাৰথি মহন্ত, উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী লক্ষ্মীকান্ত মহন্তকে ধৰি বহু সংখ্যক গণ্যমান্য ব্যক্তি, ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।