লখিমপুৰৰ ৰামপুৰ বগীবিলত সজাগতা সভা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ ।
![](https://www.assamobserver.com/wp-content/uploads/2023/07/Screenshot_20230712_130642_WhatsApp-1024x571.jpg)
সমগ্ৰ শিক্ষা লক্ষীমপুৰ জিলাৰ নাওবৈচা শিক্ষা খণ্ডৰ সৰ্বাত্মক শিক্ষাৰ উদ্যোগত নাওবৈচা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত ৰামপুৰ বগীবিল পঞ্চায়তৰ অন্তৰ্গত ৰাজগড় বগীবিল হাইস্কুলত শিক্ষা খণ্ডৰটো সৰ্বাত্মক শিক্ষাৰ অতিৰিক্ত সমল ব্যক্তি শ্যামন্ত বৰদলৈৰ সামগ্ৰীক পৰিচালনা আৰু তত্বাৱধানত দিনযোৰা কাৰ্যসূচীৰে আজি জাপানীজ এনকেফেলাইটিছ, ডেংগু আৰু বাধাগ্ৰস্ততাৰ বিষয়ে এখনি সজাগতা সভা আৰু স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়।
![](https://www.assamobserver.com/wp-content/uploads/2023/07/MergedImages-913x1024.png)
সজাগতা সভাখনিত চিকিৎসক ডা° ধ্ৰুৱজ্যোতি বৰা, নাওবৈচা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গুণিণ দত্ত , মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সঞ্জীৱ উপাধ্যায়, পিংকী দত্ত, নৰেন্দ্ৰ চুতীয়া, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ -ছাত্ৰী আৰু গাঁৱৰ ৰাইজ উপস্থিত থাকে।
![](https://www.assamobserver.com/wp-content/uploads/2023/07/Screenshot_20230712_130459_WhatsApp-1024x576.jpg)