নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত নিজ বৰশিৰালৰ গোসাঁই চুবুৰি – কটাহবাৰী সংযোগী পথটোৰোৰ দুৰৱস্থাই ৰাইজক চৰম জীয়াতু ভোগাইছে ।
পকীকৰণৰ মুখ নেদেখা পথটো সম্প্ৰতি বোকাময় হৈ পৰাত যাতায়াতত চৰম অসুবিধাৰ সৃষ্টি হৈছে ৷ পথটো নিৰ্মাণ তথা মেৰামতিৰ ব্যৱস্থা নকৰাত বাৰিষা পথটোৰে যাতায়াত দুৰ্বিষহ হৈ পৰে ৷
পাগলাদিয়া নদীৰ বানপানীত ধমধমা-ৰঙিয়া গড়কাপ্তানি পথটো বিধ্বস্ত হোৱাত পথটোৰে যাতায়াত বন্ধ হৈ পৰাত গোসাঁই চুবুৰি- কতাহবাৰী পথেৰে যাতায়াত কৰিবলগীয়া হয় ৷ ফলত শিলগুটি এটাও নপৰা এই পথটোৰে গাড়ী মটৰৰ চলাচল বৃদ্ধি পোৱাত পথটো বোকাময় হৈ পৰিছে ।
খাতিকুছি- বৰাজালকে পোন্ধৰ-বিশখন গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে ধমধমাৰ স্কুল-কলেজলৈ নিতৌ অহা-যোৱা কৰা এই পথটোৰ বিধ্বস্ত অৱস্থাই ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট অসুবিধাত পেলাইছে । বাক্সা জিলাৰ অন্তৰ্গত এই পথটোৰ উন্নয়নৰ দায়িত্ব বি টি আৰ কৰ্তৃপক্ষ তথা নলবাৰী বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীয়ে গ্ৰহণ নকৰাত নিজ বৰশিৰালবাসীৰ লগতে পথটোৰে যাতায়াত কৰা ৰাইজে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷
স্থানীয় ৰাইজে নিজৰ জেপৰ ধন খৰচ কৰি শ্ৰমদানেৰে পথটো মেৰামতি কৰি আহিছে যদিও কোনো এগৰাকী জনপ্ৰতিনিধিয়ে পথটোৰ উন্নয়নৰ গুৰুত্ব নিদিয়া বুলি ৰাইজে অভিযোগ কৰিছে । ধমধমা – ৰঙিয়া পথটো বন্ধ হৈ থকাৰ পিচত বিকল্প পথ হিচাপে যাতায়াত চৰি থকা এই পথটো শীঘ্ৰেই মেৰামতি তথা নিৰ্মাণ কৰিবলৈ ৰাইজে নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বি টি আৰৰ কতৃপক্ষক দাবী জনাইছে ৷