গেষ্ট্ৰিকৰ সমস্যাত ভূগিছে নেকি ? এই ৮বিধ খাদ্য খালে তৎক্ষণাত আৰাম পাব আপুনি…

ডিজিটেল ডেক্সঃ গেষ্ট্রিক বুলি ক’লে আমি সাধাৰণতে পেটৰ ওপৰৰ অংশত অৰ্থাৎ নাভিৰ ওপৰফালে পেটৰ ভিতৰত কেতিয়াবা যি বিষ অনুভৱ কৰো তাকে বুজি পাওঁ। দৈনন্দিন জীৱনত আমি সচৰাচৰ প্ৰায় বেছিভাগ মানুহেই এই বেমাৰৰ সৈতে মোকাবিলা কৰি থাকো।সাধাৰণতে যেতিয়া আমি গেষ্ট্রিকৰ বিষ অনুভৱ কৰো, তেতিয়া লগত আৰু কিছুমান লক্ষণ দেখা পাওঁ যেনে- বুকুৰ জ্বলা-পোৰা, টেঙা উগাৰ, পেটত বুট বুট শব্দ কৰা আৰু পেট ফুলা বমিৰ ভাৱ আৰু কেতিয়াবা বমি আদি।

এই গেষ্ট্ৰিকৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব আপুনি? কি কি খাদ্যই আপোনাক সহজে আৰু সোনকালে সকাহ দিব গেষ্ট্ৰিকৰ সমস্যাৰ পৰা-

১. আদাঃ

সকলোতকৈ সহজে ঘৰতে পোৱা বনৌষধ বিধেই হৈছে আদা। চৰ্দি-কাহ হ’লে আমি প্ৰায়ে আদা খাওঁ। কিন্তু এই আদাই আপোনাক সকাহ দিব গেষ্ট্ৰিকৰ দৰে সমস্যাৰ পৰা। গৰম পানীত আদা উতলাই খালে গেষ্ট্ৰিকৰ সমস্যা দূৰ হয়।

২. নেমুটেঙাঃ

নেমুটেঙা হৈছে বহুকেইটা ৰোগ নিৰাময়কাৰী ঔষধ। নেমুটেঙাৰ ৰস চৰ্বত কৰি খালে অথবা চালাদত চেপি খালেও গেষ্ট্ৰিকৰ সমস্যা দূৰ হয়। নেমুত থকা কেলছিয়াম, আয়ৰন, পটেছিয়াম, মেগনেছিয়াম আৰু ফছফৰাছে পেটৰ সমস্যা দূৰ কৰে।

৩. কমলা টেঙাঃ

কমলা হৈছে এনে এক ফল, য’ত যথেষ্ট পৰিমাণে আছে ফাইবাৰ। কমলাৰ ৰস উলিয়াই খালে আপুনি উপশম পাব গেষ্ট্ৰিকৰ পৰা।

৪. সৰিয়হৰ বীজঃ

সৰিয়হৰ বীজত ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে। যাৰফলত পাচনতন্ত্ৰ ঠিক হোৱাৰ লগতে পেট খোলোচা হয় আৰু গেছৰ সমস্যা দূৰ হয়।

৫. গাখীৰ আৰু ঘিঁঃ

১ গিলাচ পানীত ২০ এম এল ঠাণ্ডা গাখীৰ আৰু এক চামুচ খাটি ঘিঁ মিলাই সেৱন কৰিলে এচি়ডিটিৰ সমস্যা সহজতে উপশম হয়। লগতে পেট আৰু বুকুৰ জ্বলাপোৰা সমস্যাও সহজতে নোহোৱা হয়। যি সকল লোকৰ এচিডিটিৰ সমস্যা আছে তেওঁলোকে পুৱা আৰু ৰাতি ভাত খোৱাৰ পাছত এই মিশ্ৰণ গ্ৰহন কৰিলে খুব সুন্দৰ ফল লাভ কৰিবলৈ সক্ষম হব।

৬. জীৰা আৰু কলা নিমখ অথবা জীৰা আৰু নেমুঃ

আধা চামুচ জীৰা পাউদাৰ, আধাচামুচ হালধী আৰু আধা চামুচ কলানিমখ মিলাব আৰু ইয়াৰ লগত নেমুটেঙা অলপ গৰম কৰি আধাচামুচ ৰস মিলাই খালে এচিডিটিৰ সমস্যাৰ পৰা তাৎক্ষনিক ভাবে মুক্ত হবলৈ সক্ষম হব। পেটৰ জ্বলাপোৰা, পেট গধুৰ লগা, টেঙা উগাৰ আদি তাৎক্ষনিক ভাবে নোহোৱা কৰিবৰ বাবে এই মিশ্ৰণ ব্যৱহাৰ কৰিব পাৰে। এই মিশ্ৰণ যেতিয়াই আপোনি অধিক এচিডিটিৰ সমস্যা সন্মুখীন হয়, তেতিয়াই ব্যৱহাৰ কৰিব।

৭. টিয়হ, তুলসিৰ পাত আৰু আজুৱাইনঃ

তুলসিৰ পাত পিহি লব, বাকলি নুগুচোৱাকৈ টিয়হ মিক্সিত জুচ বনাই লব। ১ গিলাচ জুচত ১ চামুচ তুলসীৰ পেষ্ট আৰু আধা চামুচ আজুৱাইন পাউদাৰ মিলাই সেৱণ কৰিব। এই মিশ্ৰণে পেটত থকা এচিডৰ মাত্ৰা কম কৰি পেটৰ আৰু বুকুৰ জ্বলাপোৰা, কুষ্ঠকাঠিন্য আদি দূৰকৰি পেট ঠাণ্ডা ৰসাত সহায় কৰে।

৮. এলভেৰা জুচঃ

অত্যাধিক এচিডিটিৰ সমস্যা দীৰ্ঘদিন ধৰি হৈ থাকিলে পেট আৰু ক্ষুদ্ৰান্ত্ৰত কেন্সাৰ হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই এচিডিটিৰ সমস্যা সঠিক সময়ত চিকিৎসা কৰাটো অত্যন্ত জৰুৰী। বহুলোকে এচিডিটিৰ সমস্যা দূৰ কৰিবৰ বাবে খালীপেটত দৈনিক গেছৰ টেবলেট খোৱা দেখিবলৈ পোৱা যায়। খালীপেটত খোৱা এই দৰবে কেতিয়াও এচিডিটি দূৰ কৰিব নোৱাৰে, বৰঞ্চ কেতিয়াবা ই সমস্যা আৰু অধিক গুৰুতৰ কৰি তুলিব পাৰে। ইতিমধ্যে বহু গবেষকে মত পোষণ কৰিছে যে, গেষ্ট্ৰিকৰ ঔষধ দীৰ্ঘদিন ধৰি গ্ৰহণ কৰিলে ষ্টমাক কেন্সাৰৰ সম্ভাৱনা থাকে।