কাতি বিহুটিক ৰঙীন কৰি তুলিবলৈ আমগুৰিত নামতিত মৎস্য চিকাৰ পৰ্বঃ

কাতি বিহু উপলক্ষে আমগুৰিৰ ঐতিহাসিক নামতি নৈত কেইবাখনো গাঁৱৰ ৰাইজৰ মৎস্য চিকাৰ পৰ্ব : ডেকাৰ পৰা বুঢ়ালৈ সকলোৱে হাতে হাতে পলৌ, জাল লৈ মাছ ধৰাত ব্যস্ত।

আমগুৰিঃ আজি অসমীয়াৰ হেপাহৰ কাতি বিহু। অসমীয়াৰ বাপ্‌টি সাহোন তিনি বিহুৰ অন্যতম কাতি বিহু বা কঙালী বিহু।

কাতি বিহুটিক ৰঙীন কৰি তুলিবলৈ আমগুৰিত নামতিত এতিয়া চেমনীয়াৰ পৰা জেষ্ঠ্যজন লৈকে উচ্ছাহ উদ্দিপনা।

অসমীয়াৰ হেপাহৰ কাতিবিহুৰ প্ৰাকক্ষণত এতিয়া দেখা গৈছে কেইবাখনো গাঁ‌ৱৰ ৰাইজ একত্ৰিত হৈ আজি পুৱাৰে পৰা ঐতিহাসিক নামতি নৈত মৎস্য চিকাৰ পৰ্বত নামি পৰিছে ।

কোনোৱে যদি ৰৌ লৈছে কোনোৱে আকৌ জাল লৈ মৎস্য চিকাৰত নামি পৰিছে ।

কোনোবাই যদি পাঁ‌চ কেজি ওজনৰ বৰালি মাছ পাইছে কোনোবাই আকৌ বাহু অথবা শ’ল মাছ পাইছে।

মুঠতে সকলো ৰাইজ আনন্দত আত্মহাৰা হৈ মৎস্য চিকাৰত নামি পৰিছে ।

মাছ ধৰা পৰ্বই সম্প্ৰতি সুন্দৰ নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে।